ভাৰত-পাকিস্তান সীমান্তত ড্ৰাগছৰ চোৰাং ব্যৱসায় বন্ধ নোহোৱা হৈছে। পুনৰবাৰ সীমান্ত সিপাৰে পাকিস্তানৰ ফালৰ পৰা এখন ড্ৰোনে ভাৰত সীমান্তলৈ হেৰ’ইন যোগান ধৰিছে। কিন্তু এই সময়ছোৱাত সীমান্তত পাকিস্তানী ড্ৰোনখন দেখি বি এছ এফৰ জোৱানসকলে ইয়াৰ ওপৰত গুলীচালনা কৰি পলাই যাবলৈ বাধ্য কৰে। কিন্তু এই সমগ্ৰ কাৰ্য্যৰ সময়ত পাক চোৰাং ব্যৱসায়ীসকলে ভাৰতীয় সীমান্তলৈ ড্ৰাগছ যোগান ধৰাত সফল হৈছিল। পাকিস্তানৰ ফালৰ পৰা ড্ৰোনৰ দ্বাৰা ড্ৰাগছ সৰবৰাহৰ ঘটনা এইয়া প্ৰথম নহয়। ইয়াৰ আগতেও বহুবাৰ এনেকুৱা হৈছে।
তথ্য অনুসৰি, শেহতীয়াকৈ শ্ৰীগংগানগৰ জিলাৰ অনুপগড় অঞ্চলত সংঘটিত হৈছে এনে এক ঘটনা। অনুপগড়ৰ কৈলাশ পোষ্টত থকা ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত শনিবাৰে গভীৰ নিশা এখন পাকিস্তানী ড্ৰোনে অনুপ্ৰৱেশ কৰে। পাকিস্তানৰ ড্ৰোনখন দেখি সীমান্তত নিয়োজিত বি এছ এফৰ জোৱানসকলে গুলিচালনা কৰে। কোৱা হৈছে যে গুলীচালনাৰ পিছতে ড্ৰোনখন নিৰুদ্দেশ হৈছিল। পিছত অনুসন্ধান অভিযানত বি এছ এফৰ জোৱানসকলে তাত এটা পেকেটত হেৰ’ইন উদ্ধাৰ কৰে।
বি এছ এফে উদ্ধাৰ কৰা এই পেকেটত আছিল প্ৰায় সাড়ে তিনি কিলোগ্ৰাম হেৰ’ইন। গুলীচালনাৰ পিছত ড্ৰ’নখন পুনৰ পাকিস্তানৰ সীমান্তলৈ যায় অথবা ক্ষতিগ্ৰস্ত হৈ ভাৰতীয় সীমান্তত পৰি যায়। ইয়াৰ এতিয়াও সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হোৱা নাই। ভাৰত-পাক সীমান্ত অঞ্চলত ড্ৰোনৰ সন্ধানত অভিযান চলোৱা হৈছে। ভাৰতীয় সীমান্তত ড্ৰোনৰ উপস্থিতিৰ লগে লগে বি এছ এফৰ জোৱানসকল অধিক সতৰ্কতা অৱলম্বন কৰিছে।
উল্লেখযোগ্য যে ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানৰ চোৰাং সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি ভাৰতলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছে। এই কামত তেওঁলোকক সহায় কৰে সীমান্ত অঞ্চলত কাম কৰি থকা ভাৰতীয় ড্ৰাগছ সৰবৰাহকাৰীয়ে। স্থানীয় চোৰাং সৰবৰাহকাৰীয়ে ভাৰতীয় ভূখণ্ডলৈ নিক্ষেপ কৰা হেৰ’ইন ড্ৰ’ন বা অন্য উপায়েৰে, পঞ্জাৱলৈ পৰিবহণ কৰে। বিনিময়ত তেওঁলোকক যথেষ্ট পৰিমাণৰ ধন দিয়া হয়। বি এছ এফ আৰু স্থানীয় আৰক্ষীয়ে বিগত সময়ছোৱাত বহুবাৰ এনে চোৰাং সৰবৰাহকাৰীক ধৰা পেলাইছে। কিন্তু তথাপিও সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা এই প্ৰক্ৰিয়াটোৱে বন্ধ কৰিবলৈ নিজৰ নাম লোৱা নাই।
Published by: Subham Goswami
FIRST PUBLISHED : October 02, 2022, 17:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।