ভাৰতৰ আধুনিক শ্ৰৱণ কুমাৰক মনত আছেনে? কৰ্ণাটকৰ ডি কৃষ্ণ কুমাৰে উপহাৰ হিচাপে লাভ কৰিলে এখন SUV , উচৰ্গা কৰিলে সমাজৰ বাবে

News18 Assam | News18-Assam
Updated:September 19, 2020, 5:28 PM IST
ভাৰতৰ আধুনিক শ্ৰৱণ কুমাৰক মনত আছেনে? কৰ্ণাটকৰ ডি কৃষ্ণ কুমাৰে উপহাৰ হিচাপে লাভ কৰিলে এখন SUV , উচৰ্গা কৰিলে সমাজৰ বাবে
এতিয়া সময় ভ্ৰমণ কৰাৰ নহয়, ঘৰতে থকাৰহে! নিৰাপদে থকাৰ লগতে এখন কৰোণা মুক্ত সমাজ নিশ্চিত কৰাৰ প্ৰয়োজন ৷ 

এতিয়া সময় ভ্ৰমণ কৰাৰ নহয়, ঘৰতে থকাৰহে! নিৰাপদে থকাৰ লগতে এখন কৰোণা মুক্ত সমাজ নিশ্চিত কৰাৰ প্ৰয়োজন ৷ 

  • News18 Assam
  • Last Updated: September 19, 2020, 5:28 PM IST
  • Share this:
ভাৰতৰ আধুনিক শ্ৰৱণ কুমাৰজনক মনত আছে নে আপোনাৰ? এখন ২০ বছৰীয়া পুৰণি স্কুটাৰ আৰু মাতৃক লগত লৈ কেইমাহ মান পূৰ্বে অসমলৈ অহা সেই লোকজনৰ কথাই কৈছো ৷ সুদুৰ কৰ্ণাটকৰ পৰা স্কুটাৰৰ পিছফালে মাতৃক বহুৱাই লৈ দেশৰ বিভিন্ন প্ৰান্তলৈ  মাতৃক তীৰ্থ ভ্ৰমণ কৰোবলৈ নিছে তেওঁ ৷ এটা সৰু বেগত কেইপদ মান লাগতিয়াল সামগ্ৰী আৰু প্ৰয়োজনীয় দুই এপদ কাপোৰ লৈ পৈতৃক সম্পত্তি হিচাপে লাভ কৰা পুৰণি স্কুটাৰ খন লৈ তেওঁ অসমলৈও আহিছিল ৷ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে মাতৃক লৈ গুৱাহাটীৰ পৰা মাজুলী, ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ গৈছিল ৷ তেখেতৰ এই ভ্ৰমণৰ সময়ছোৱাত বিভিন্ন মঠ মন্দিৰলৈ লৈ গৈছিল মাতৃক ৷ মাতৃৰ প্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা কৰ্ণাটকৰ ডি কৃষ্ণ কুমাৰৰ যাত্ৰাৰ অন্যতম সংগী আছিল পুৰণি স্কুটাৰখন ৷ সেইখনেৰেই তেওঁ গৈছে ম্যানমাৰ, নেপাল, ভূটান বাংলাদেশ আদিত থকা বিভিন্ন মঠ মন্দিৰলৈ ৷ কিন্তু এতিয়া তেওঁ কষ্টকৰ যাত্ৰা কৰাৰ প্ৰয়োজন নাই ৷ কাৰণ তেওঁ এতিয়া মহিন্দ্ৰাৰ এখন ৰঙা বিলাসী গাড়ীৰ মালিক ৷



যিজন ব্যক্তিয়ে তেখেতৰ ২০ বছৰ পুৰণি স্কুটাৰখন লৈ সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল৷  অৱশেষত তেখেতে এখন চাৰিচকীয়া বাহন লাভ কৰিলে ৷ ১৮ ছেপ্তেম্বৰত ডি কৃষ্ণ কুমাৰে ৭০ বছৰীয়া মাতৃৰ সৈতে মহীশূৰৰ ইণ্ডিয়ান গেৰেজৰ পৰা চাবিসহ এখন টিকটিকীয়া ৰঙা ৰঙৰ মহিন্দ্ৰা ‘TUV 100’ গাড়ী উপহাৰ হিচাপে লাভ কৰে ৷ আনন্দ মহিন্দ্ৰাৰ তৰফৰ পৰা উপহাৰ হিচাপে প্ৰদান কৰা হয় TUV খন ৷ মহিন্দ্ৰা গ্ৰুপৰ সঞ্চালকগৰাকীয়ে এবছৰ পূৰ্বে ডি কৃষ্ণ কুমাৰৰ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা তথা মাতৃপ্ৰেম দেখি মুগ্ধ হৈ টুইটাৰত এই ঘোষণা কৰিছিল।

‘এইয়া মোৰ মাৰ বাবে এক বিস্ময়কৰ ঘটনা আছিল ৷ মই মোৰ মাক গাড়ীৰে চামুণ্ডেশ্বৰী মন্দিৰলৈ প্ৰাৰ্থনা কৰিবলৈ নিয়াৰ সময়ত মায়ে মোক গাড়ীখনত থকা স্বয়ংক্ৰিয় প্ৰযুক্তিসমূহ আৰু গাড়ীৰ তাচ স্ক্ৰীনৰ কথা সুধি গৈছিল ৷ তেওঁ মোৰ নতুন গাড়ীখনৰ বাবে শিশুৰ দৰে আছিল ৷ স্কুটাৰ খনৰ পিলিয়ন চিটৰ পৰা বিলাসবহুল মহিন্দ্ৰা গাড়ীৰ সুকোমল চিটলৈ মোৰ মাৰ বাবে এইয়া আছি়ল এক মহান যাত্ৰা।’এইদৰে কয় ডি কৃষ্ণ কুমাৰে ৷

‘গাড়ীখন যেনেকৈ উপহাৰ হিচাপে লাভ কৰিছো, মই সমাজৰ সেৱাৰ বাবে এই গাড়ীখন ব্যৱহাৰ কৰিম। স্বাস্থ্যজনিত কাৰণ, বাৰ্ধক্যজনিত সমস্যা বা জৰুৰী সমস্যাৰ বাবে মোৰ আশে পাশে যিকোনো ব্যক্তিয়ে গাড়ীখন বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব।’ লগতে এই কথাও জনাই কৃষ্ণ কুমাৰে।
Published by: Himangshu Bhuyan
First published: September 19, 2020, 5:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading