‘ধিং এক্সপ্ৰেছ’ হিমাই অমিতাভ বচ্চনক শিকালে নিজৰ ষ্টাইল ‘মন যায়’, চাওক VIDEO

হিমা কয় – ‘মায়ে মোক শিকাইছিল যে যি কাম কৰা, ১০জনৰ ভালৰ বাবে কৰিবা, সেইবাবেই মই আজি ইয়াত বহিব পাৰিছো।’

News18-Assam
Updated:November 3, 2019, 9:59 AM IST
‘ধিং এক্সপ্ৰেছ’ হিমাই অমিতাভ বচ্চনক শিকালে নিজৰ ষ্টাইল ‘মন যায়’, চাওক VIDEO
হিমা কয় – ‘মায়ে মোক শিকাইছিল যে যি কাম কৰা, ১০জনৰ ভালৰ বাবে কৰিবা, সেইবাবেই মই আজি ইয়াত বহিব পাৰিছো।’
News18-Assam
Updated: November 3, 2019, 9:59 AM IST
জনপ্ৰিয় টিভি ৰিয়েলিটী শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ৰ ১ নৱেম্বৰৰ কৰ্মবীৰ বিশেষ খণ্ডত উপস্থিত আছিল ‘ধিং এক্সপ্ৰেছ’ হিমা দাস, দৌৰবিদ দ্যুতি চান্দ আৰু ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগ। হটছীটত থকা তিনিওগৰাকী খেলুৱৈকে অমিতাভ বচ্চনে সুধিলে নিজৰ ব্যক্তিগত জীৱনৰ বহু কথা।

খেলপথাৰৰ দৰেই KBCৰ হটছীটতো বীৰেন্দ্ৰ ছেহৱাগে সকলোকে আচৰিত কৰি তুলিব বুলিয়ে ধাৰণা কৰা হৈছিল। কিন্তু দেখা গ’ল তাৰ সম্পূৰ্ণ বিপৰীত। বীৰেন্দ্ৰ ছেহৱাগে নিজেই কয় যে KBCলৈ অহাৰ পূৰ্বে তেওঁৰ দুই সন্তানে কৈছিল যে তেওঁ ১০ হাজাৰ টকাৰ প্ৰশ্নও অতিক্ৰম কৰিব নোৱাৰে। বীৰেন্দ্ৰ ছেহৱাগে কয় যে তেওঁৰ পত্নী, পিতৃ–মাতৃ সকলোৱে নিয়মিতভাৱে কেবিচি উপভোগ কৰে।

আনহাতে, ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে নিজৰ জীৱনৰ কথা উল্লেখ কৰি আবেগিক হৈ পৰে। মাতৃৰ বেমাৰৰ কথা কৈ উচুপি উঠে হিমা দাস। হিমা কয় – ‘মায়ে মোক শিকাইছিল যে যি কাম কৰা, ১০জনৰ ভালৰ বাবে কৰিবা, সেইবাবেই মই আজি ইয়াত বহিব পাৰিছো।’

তাৰ পিছতে হিমাই অমিতাভ বচ্চনক কয় – ছাৰ, মই যেতিয়াই জিকো মোৰ এটা নিজা ষ্টাইল আছে। হিমাই অমিতাভ বচ্চন আৰু বীৰেন্দ্ৰ ছেহৱাগকো হটছীটৰ পৰা উঠি আহিবলৈ আহ্বান জনায় আৰু নিজৰ ষ্টাইল ‘মন যায়’ কৰি দেখুৱাই।

চাওক কিদৰে অমিতাভ বচ্চনক নিজৰ ষ্টাইল শিকালে হিমাই :

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি