মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»PM Narendra Modi Birthday: ভাৰতৰ ক্ৰীড়াবিদসকলে জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীক

PM Narendra Modi Birthday: ভাৰতৰ ক্ৰীড়াবিদসকলে জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীক

News18 Assam | News18-Assam
Updated:September 17, 2021, 3:32 PM IST
PM Narendra Modi Birthday: ভাৰতৰ ক্ৰীড়াবিদসকলে জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীক
ভাৰতৰ প্ৰসিদ্ধ ক্ৰীড়াবিদ সকলেও শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক। 

ভাৰতৰ প্ৰসিদ্ধ ক্ৰীড়াবিদ সকলেও শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক। 

  • News18 Assam
  • Last Updated: September 17, 2021, 3:32 PM IST
  • Share this:
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন। জন্মদিনৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীক ছচিয়েল মিডিয়াৰ জৰিয়তে বহুতে শুভেচ্ছা জনাইছে। ভাৰতৰ প্ৰসিদ্ধ ক্ৰীড়াবিদ সকলেও শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক।  বেডমিণ্টন তাৰকা চাইনা নেহেৰৱালে টুইটাৰ যোগে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনায়।

'আপোনাক জন্মদিনৰ শুভেচ্ছা। আপুনি বিশেষ গুণসম্পন্ন জন নেতা। বহুতৰে বাবে আপুনি প্ৰেৰণাৰ উত্‍স। ধন্যবাদ।'



আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা। দেশৰ বাবে আপোনাৰ কষ্ট আৰু লক্ষ্য আমাৰ বাবে প্ৰেৰণা। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।- মীৰাবাঈ চানু।




অংকিতা ৰাইনায়ো জন্মদিনৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীক।



১৯৫০ চনত গুজৰাটত জন্মগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। শৈশৱতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘত যোগদান কৰা মোদীয়ে পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰে। ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় নৰেন্দ্ৰ মোদী। আৰু ২০১৪ চন আৰু ২০১৯ চনৰ পৰা একেলগে দুটা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মোদীয়ে।
Published by: Himangshu Bhuyan
First published: September 17, 2021, 3:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি