হাৰিয়ানাৰ পানীপথ জিলাৰ চামালখাৰ সেৱা সাধনা আৰু গ্ৰাম বিকাশ কেন্দ্ৰত ১২ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমুকৈ RSS ৰ ২০২৩ বৰ্ষৰ অখিল ভাৰতীয় প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত প্রতিনধি সভাত গৃহীত প্ৰস্তাৱ আছিল এনেধৰণৰ— "বিশ্ব কল্যাণৰ উদাত্ত লক্ষ্যক মূৰ্ত্তৰূপ প্ৰদান কৰাৰ বাবে ভাৰতৰ 'স্ব'ৰ সুদীর্ঘ যাত্রাপথত আমাৰ ৰাজনৈতিক তথা সাংস্কৃতিক সংঘৰ্ষৰ কালছোৱাত ভাৰতীয় জনজীৱন বিধ্বস্ত হৈছে বুলি অখিল ভাৰতীয় প্রতিনিধি মণ্ডলীৰ দ্বাৰা গৃহীত প্রস্তাৱত কোৱা হৈছে যে বিদেশী আক্রমণ তথা সামাজিক, আর্থিক, সাংস্কৃতিক আৰু ধাৰ্মিক ব্যৱস্থা সমূহ গভীৰভাবে আঘাতপ্রাপ্ত হৈছিল। এই সময়ছোৱাত পূজনীয় সন্ত-মহাপুৰুষ সকলৰ নেতৃত্বত সম্পূর্ণ সমাজ অবিৰাম সংঘৰ্ষৰত হৈ স্বধৰ্ম, স্বদেশী আৰু স্বৰাজৰ এই ত্ৰয়ীত নিহিত আছিল, য'ত সমস্ত সমাজৰ সহযোগিতা আছিল। সংঘই লগতে স্বাধীনতাৰ অমৃত মহোৎসৱৰ পবিত্ৰ মুহূৰ্ত্তত সম্পূৰ্ণ ৰাষ্ট্ৰই এই সংঘৰ্ষত যোগদান আগবঢ়োৱা জননায়ক তথা স্বাধীনতা সংগ্রামী আৰু মনীষিসকলক কৃতজ্ঞতাপূর্বক স্মৰণ কৰে। স্বাধীনতা লাভৰ পৰৱৰ্ত্তীকালত আমি কেবাটাও ক্ষেত্ৰত মহত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিছোঁ ৷ সম্প্রতি ভাৰতৰ অৰ্থব্যৱস্থা বিশ্ব সমুদায়ৰ মাজত এক বৃহৎ ব্যৱস্থা হিচাপে মূৰ দাঙি উঠিছে। ভাৰতৰ সনাতন প্ৰমূল্যসমূহৰ আধাৰত প্রকাশিত নৱোত্থান সম্পূর্ণ বিশ্বই স্বীকাৰ কৰিছে। "বসুধৈৱ কুটুম্বকম"ৰ আধাৰত বিশ্বশান্তি আৰু মানৱ কল্যাণৰ বাবে ভাৰেত নিজ ভূমিকা নিৰ্বহন কৰাৰ বাবে অগ্ৰসৰ হৈছে। সংঘৰ ভাৰতীয় প্ৰতিনিধি মণ্ডলীৰ অভিমত এইটোও যে নিজ ৰাষ্ট্ৰক সু-সংগঠিত, বিজয়ী আৰু সমৃদ্ধ কৰি গঢ়ি তোলাৰ প্ৰক্ৰিয়াত সমাজৰ প্ৰতিটো বৰ্গৰ বাবে মূলভূত আৱশ্যকতা সমূহৰ পূৰণ তথা সর্বাঙ্গীন বিকাশৰ প্ৰযুক্তি সমূহৰ বিবেকপূর্ণ ব্যৱহাৰ আৰু পৰ্যাবৰণপূর্বক বিকাশৰ লগতে আধুনিকীকৰণৰ ভাৰতীয় ধাৰণাৰ আধাৰত নতুন চানেকি দাঙি ধৰাৰ লগতে প্রত্যাহ্বান সমূহ গ্রহণ আৰু জয়ী হ'ব পাৰিব লাগিব। ৰাষ্ট্ৰৰ পুণঃনিৰ্মাণৰ বাবে আমি পাৰিবাৰিক সুদৃঢ়ীকৰণ, বন্ধুত্বৰ আধাৰত শ্ৰেষ্ঠ সমাজ নির্মাণ তথা স্বদেশী ভাবনাৰ লগতে উদ্যমিতাৰ বিকাশ আদি লক্ষ্য প্রাপ্তিৰ বিশেষ প্ৰয়াস কৰিব লাগিব। এই দৃষ্টিৰে সমাজৰ প্ৰতিজন অভিকৰ্ত্তা বিশেষকৈ যুৱবৰ্গ সমন্বিত প্ৰয়াসৰত হোৱাৰ পূৰ্ণ আৱশ্যকতা আছে। সংঘর্ষকালত বিদেশী শাসনৰ পৰা মুক্তিলাভৰ হেতু যেনে ধৰণে ওপৰোক্ত লক্ষ্য প্ৰাপ্তিৰ বাবেও নাগৰিকৰ কৰ্তব্যৰ প্ৰতি দায়ৱদ্ধ তথা ঔপনিশবেশিক মানসিকতাৰ পৰা মুক্ত সমাজ জীৱন গঢ় দিব লাগিব। এই পৰিপ্ৰেক্ষিতত মাননীয় প্রধানমন্ত্ৰীৰ দ্বাৰা স্বাধীনতা দিৱসত প্ৰদান কৰা আহ্বানো মহত্বপূর্ণ। অখিল ভাৰতীয় প্ৰতিনিধি সভাই লগতে এই কথাত বিশেষ গুৰুত্ব প্ৰদান কৰিব খোজে যে স্ব-আধাৰিত ভাৰতৰ এই পুনৰুত্থানক বিশ্বৰ অনেক শক্তিয়ে কিন্তু স্বীকাৰ কৰিব পৰা নাই। হিন্দুত্ব বিচাৰধাৰা বিৰোধী দেশৰ ভিতৰে-বাহিৰে অনেক শক্তিয়ে নিহিত স্বাৰ্থ আৰু ভেদভাব সমূহ জগাই তুলি সমাজত পৰস্পৰ অবিশ্বাস, শাসনতন্ত্ৰৰ প্ৰতি অনাস্থা আৰু অৰাজকতা উৎপন্ন কৰাৰ বাবে ন-ন ষড়যন্ত্ৰ ৰচনা কৰাৰ অবিৰত প্ৰয়াস চলাই আছে আমি এই সকলোবোৰৰ প্ৰতি সজাগ হৈ তেওঁলোকৰ ষড়যন্ত্র বিফল কৰিব লাগিব। এই অমৃতকালে আমাক ভাৰতক বিশ্বক নেতৃত্ব দিব পৰা কৰিবলৈ সামুহিক উদ্যমী কৰাৰ সুযোগ প্ৰদান কৰি আছে। অখিল ভাৰতীয় প্ৰতিনিধি সভাই প্রবুদ্ধ বর্গ লগতে সম্পূর্ণ সমাজক আহ্বান জনায় যে ভাৰতীয় চিন্তনৰ আলোকত সামাজিক, শৈক্ষিক, আর্থিক, লোকতান্ত্রিক, ন্যায়িক সংস্থা সমূহৰ লগতে সমাজ জীৱনৰ সকেলা ক্ষেত্রতে সময় সাপেক্ষ ৰচনাসমূহ বিকশিত কৰা কাৰ্যত সম্পূৰ্ণ শক্তিৰ সহভাগী হ'বলৈ আহ্বান জনায় যাতে বিশ্বমঞ্চত ভাৰত এক বৈভৱশালী, সামর্থবান আৰু বিশ্ব কল্যাণকাৰী ৰাষ্ট্ৰ ৰূপে সর্বোচ্চ মৰ্যাদা সম্পন্ন স্থান লাভ কৰে।" শনিবাৰে পল্টনবজাৰস্থিত কেশৱ ধামত RSSৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত-কাৰ্যবাহ খগেন শইকীয়া আৰু প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে সংবাদমেলত হাৰিয়ানাত লোৱা এই প্ৰস্তাৱ সদৰি কৰে ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 19, 2023, 07:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।