দিল্লী বিমানবন্দৰত আজি এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে স্পাইচজেটৰ এখন বিমান। বিমানবন্দৰৰ এটা লাইট প’ষ্টত খুন্দা মাৰে বিমানখনে। ভাল খবৰটো এয়াই যে এই ঘটনাৰ ফলত কোনো বৃহৎ ক্ষতি হোৱা নাই। বিমানখনৰ এটা অংশ ক্ষতিগ্ৰস্ত হয় খুন্দা লগাৰ ফলত। আনহাতে, বিমানৰ খুন্দাৰ বিজুলি খুটাটো হাউলি পৰে।