অসম অভিমুখে কৰ্ণাটকৰ পৰা আন এখন বিশেষ শ্ৰমিক ৰে'ল

সকলোকে একেখন ৰে'লতে পঠিওৱা অসম্ভৱ তথাপি কেইবাশ বিপদাপন্ন লোকক নিজৰ ঘৰলৈ উভতি যোৱাত সহায় আগবঢ়ায়৷
সকলোকে একেখন ৰে'লতে পঠিওৱা অসম্ভৱ তথাপি কেইবাশ বিপদাপন্ন লোকক নিজৰ ঘৰলৈ উভতি যোৱাত সহায় আগবঢ়ায়৷
- News18 Assam
- Last Updated: June 1, 2020, 12:20 PM IST
যদিও সকলোকে একেখন ৰে'লতে পঠিওৱা অসম্ভৱ তথাপি কেইবাশ বিপদাপন্ন লোকক নিজৰ ঘৰলৈ উভতি যোৱাত সহায় আগবঢ়ায়৷ দুপৰীয়াৰ পৰা সন্ধিয়া পৰ্যন্ত উপস্থিত লোকসকলৰ নাম পঞ্জীয়ন কৰি প্ৰতিজন যাত্ৰীক “Tripura Vasini White Petals (Gate No 2, Palace Ground) ত Screening কৰোৱা হয়৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত সকলোকে Bangalore Metropolitan Transport Corporation (BMTC)ৰ বাছেৰে KSR Bangalore City ৰে'ল ষ্টেচনলৈ লৈ গৈ শৃংখলাবদ্ধভাৱে ডবাত আসন গ্ৰহণ কৰিবলৈ দিয়াৰ পিছতে সন্ধিয়া প্ৰায় ৮ বজাত যাত্ৰা আৰম্ভ কৰিলে বিশেষ ৰে'লখনে৷
"গোটেই প্ৰক্ৰিয়াটোত সহায়ৰ হাত আগবঢ়োৱা বাংগালুৰু চহৰৰ পুলিচ–প্ৰশাসন, ৰে’ল বিভাগ, BMTC, ডাক্তৰ সমন্বিতে প্ৰতিজন স্বেচ্ছাসেৱকক অসম এছ’চিয়েচন বাংগালুৰুৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ এতিয়াও আমাৰ মাজত বহু লোক আছে, যিয়ে আপোন ঘৰখনলৈ যাবলৈ হেঁপাহৰে আশা কৰি আছে৷ আপোনালোকক অলপ আৰু ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাই চৰকাৰৰ জাননীৰ বাবে অপেক্ষা কৰিবলৈ অনুৰোধ জনালো৷ লগতে যিসকল ব্যক্তি বাংগালুৰু চহৰত সঁচাকৈয়ে বিপদৰ সন্মুখীন হয় তেওঁলোকে অসম এছ’চিয়েচন বাংগালুৰুৰ 94497 01041 নম্বৰত যোগাযোগ কৰিব পাৰিব৷ অসম এছ’চিয়েচন বাংগালুৰুৰ তৰফৰ পৰা সাধ্যানুসাৰে তেওঁলোকক সহায় কৰাৰ ব্যৱস্থা কৰিম৷"— ক’লে অসম এছ’চিয়েচন বাংগালুপৰুৰ প্ৰণৱ জ্যোতি বৰা।