• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘২০০৮চনৰ পৰা মোৰেই খাই মোৰ জীৱন অশান্তিময় কৰি আহিছিল’, পত্নীক মাৰ ধৰ কৰাৰ ভিডিও ভাইৰেল হোৱাৰ পিছত উচ্চপদস্থ আৰক্ষী বিষয়াৰ কৈফিয়ৎ

‘২০০৮চনৰ পৰা মোৰেই খাই মোৰ জীৱন অশান্তিময় কৰি আহিছিল’, পত্নীক মাৰ ধৰ কৰাৰ ভিডিও ভাইৰেল হোৱাৰ পিছত উচ্চপদস্থ আৰক্ষী বিষয়াৰ কৈফিয়ৎ

আৰক্ষীৰ এই কাণ্ড দেখিলে কলিজা কঁপি উঠিব।

আৰক্ষীৰ এই কাণ্ড দেখিলে কলিজা কঁপি উঠিব।

আৰক্ষীৰ এই কাণ্ড দেখিলে কলিজা কঁপি উঠিব।

  • Share this:
নতুন দিল্লীঃ মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ আৰক্ষীৰ কু–কীৰ্তিক লৈ এতিয়া দেশ তোলপাৰ। স্বয়ং বিশেষ সঞ্চালক প্ৰধান পুৰুষোত্তম শৰ্মাই নিজৰ স্ত্ৰীৰ ওপৰত যেনেকৈ জপিয়াই পৰি আক্ৰমণ কৰিছে তাৰ ভিডিও ফাদিল হোৱাৰ পিছতে আৰক্ষী বিভাগত জোকাৰণিৰ সৃষ্টি হৈছে। দুটা ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এটাত পুৰুষোত্তম শৰ্মাই নিজৰ পত্নীক মাৰ ধৰ কৰাৰ লগতে আনটো ভিডিওত অন্য মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত ধৰা পেলাইছে স্ত্ৰীয়ে। পত্নীক মাৰধৰ কৰাৰ প্ৰথম ভিডিওত দুয়োকে প্ৰথমে তৰ্কাতৰ্কি কৰা দেখা গৈছিল। ভাইৰেল ভিডিওত আইপিএছ বিষয়াগৰাকীয়ে পত্নীক মাৰ পিট কৰাৰ সমানে পত্নীৰ হাততো কাঁচি দেখা গৈছে।

আইপিএছ পুৰুষোত্তম শর্মাৰ পুত্ৰইও অভিযোগৰ সৈতে এটা ভিডিও প্ৰেৰণ কৰিছে।

পুত্ৰই পুৰুষোত্তম শর্মাৰ ভিডিও গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰা, ডিজিপি তথা অন্যান্য আৰক্ষী কৰ্মকৰ্তাৰ ওচৰলৈ প্ৰেৰণ কৰিছে।

হানিট্ৰেপ ঘটনা সন্দৰ্ভতো সাঙোৰ খাইছিল পুৰুষোত্তম শৰ্মাৰ নাম

ইয়াৰ পূৰ্বে পুৰুষোত্তম শৰ্মা এছটিএফৰ ডিজি থকাৰ সময়ত সংবাদ শিৰোনাম দখল কৰিছিল। হানিট্ৰেপ ঘটনা সন্দৰ্ভত পুৰুষোত্তম শৰ্মাৰ নাম সাঙোৰ খাইছিল। ৰাজ্যৰ বাহিৰৰ এছটিএফৰ প্লট সন্দৰ্ভতো তেওঁৰ নাম উচ্চাৰিত হৈছিল। এইবোৰ বিতৰ্কৰ কাৰণে সেই সময়ৰ কমলনাথ চৰকাৰে পুৰুষোত্তম শৰ্মাক জবাবদিহী কৰাৰ লগতে পদৰ পৰা অপসাৰণ কৰিছিল।



পুৰুষোত্তম শৰ্মাৰ পুত্ৰ পাৰ্থ গৌতম শৰ্মাও উচ্চপদস্থ চৰকাৰী বিষয়া। ছচিয়েল মিডিয়াত পিতৃৰ কু–কীৰ্তি গৌতম শৰ্মাই উলিয়ালে বুলি চৰ্চিত। আনহাতে এই সমগ্ৰ বিষয় সন্দৰ্ভত পুৰুষোত্তম শৰ্মাই সংবাদমাধ্যমক কয়, " আমাৰ বিয়াৰ ৩২বছৰ হ’ল। ২০০৮চনত মোৰ বিৰুদ্ধে তেওঁ অভিযোগ কৰিছিল। কিন্তু তেতিয়াৰ পৰা তেওঁ মোৰ ঘৰত সকলো সুখ–সুবিধা উপভোগ কৰি আছে। আনকি মোৰ খৰছত বিদেশলৈও গৈছে। তেওঁ ঘৰত গোপন কেমেৰা লগাই মোৰ জীৱনটো অশান্তিময় কৰি তুলিছে।"  ইয়াক তেওঁৰ ব্যক্তিগত বিষয় বুলিও মত দিয়ে।

ভাইৰেল ভিডিওত ডিজি পুৰুষোত্তম শর্মাই তেওঁৰ পত্নীক থানাত দিয়াৰ হুমকি দিছিল।
First published: