লকডাউনৰ সময়তো উত্তৰ–পূবলৈ চলিব বিশেষ বিমান 

News18 Assam | News18-Assam
Updated:March 30, 2020, 9:14 AM IST
লকডাউনৰ সময়তো উত্তৰ–পূবলৈ চলিব বিশেষ বিমান 
এই বিমানসমূহত যাব চিকিৎসা সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্রী।

এই বিমানসমূহত যাব চিকিৎসা সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্রী।

  • Share this:
সমগ্ৰ দেশৰ লগতে উত্তৰ–পূবত তলাবন্ধক লৈ সৃষ্টি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি। সেয়ে উত্তৰ–পূব উন্নয়ন মন্ত্ৰণালয়ৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবলৈ কাৰ্গ’ বিমান চলাচলৰ অনুমতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে এই বিমানসমূহত যাব চিকিৎসা সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্রী। ইতিমধ্যে এই সিদ্ধান্তত অনুমোদন জনাইছ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে।

উল্লেখযোগ্য যে কোৰোণা সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰিছে ২১ দিনীয়া লকডাউন। দেশত যাতে কোৰোণাই ভয়ংকৰ ৰূপ ল’ব নোৱাৰে তাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে বহু কঠোৰ ব্যৱস্থা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading