• Home
  • »
  • News
  • »
  • nation
  • »
  • Om Birla: কোনো শব্দই অসংসদীয় নহয়, ‘শব্দ’ বিতৰ্কৰ উত্তৰ দিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

Om Birla: কোনো শব্দই অসংসদীয় নহয়, ‘শব্দ’ বিতৰ্কৰ উত্তৰ দিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

সন্মুখত সংসদৰ অধিৱেশন। ১৮ জুলাইৰ পৰা অধিৱেশন আৰম্ভ হোৱাৰ কথা। তাৰ পূৰ্বে এই বিতৰ্ক সৃষ্টি হোৱাত অধিৱেশনত বেমেজালি ঘটিব পাৰে, সেই আশংকা কৰিয়ে ওম বিৰলাই এই উত্তৰ দিয়া বুলি ধাৰণা কৰিছে বহুতে।

  • Share this:
সংসদত কিছুমান শব্দ ব্যৱহাৰৰ বিষয়ে জাৰি কৰা নিষেধাজ্ঞাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে মুখ খুলিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। তেওঁ স্পষ্ট কৰে যে সংসদত কোনো শব্দই বাতিল বুলি দিয়া হোৱা নাই। আগৰে পৰা নিৰ্দিষ্ট কিছু শব্দ আছিল, যিবোৰ অসংসদীয় বুলি কোৱা হয়, পূৰ্বে তাৰ এক নিৰ্দিষ্ট তালিকা প্ৰকাশ কৰি জনোৱা হৈছিল। এইবাৰ আমি কাগজৰ ব্যৱহাৰ কমোৱাৰ লক্ষ্যৰে সেই তালিকা তুলি দিছিলো ইণ্টাৰনেটত। সেয়ে এই বিতৰ্কৰ কোনো অৰ্থ নাই। সংসদত কোনো শব্দই অসংসদীয় নহয়।

সন্মুখত সংসদৰ অধিৱেশন। ১৮ জুলাইৰ পৰা অধিৱেশন আৰম্ভ হোৱাৰ কথা। তাৰ পূৰ্বে এই বিতৰ্ক সৃষ্টি হোৱাত অধিৱেশনত বেমেজালি ঘটিব পাৰে, সেই আশংকা কৰিয়ে ওম বিৰলাই এই উত্তৰ দিয়া বুলি ধাৰণা কৰিছে বহুতে। তেওঁ কৈছে, ‘‘কোনবোৰ শব্দ অসংসদীয়, তাৰ এখন ১ হাজাৰ ১০০ পৃষ্ঠাৰ অভিধান প্ৰকাশ কৰা হৈছিল। যিসকলে প্ৰতিবাদ কৰিছে, তেওঁলোকৰ ওচৰত এইখন থাকিলে, এই ভুল ধাৰণাৰ সৃষ্টি নহ’লহেঁতেন।

লগতে তেওঁ কয়, ‘যিবোৰ শব্দক অসংসদীয় বুলি উল্লেখ কৰা হৈছে, সেইবোৰ যে কেৱল মাত্ৰ বিৰোধীৰ দ্বাৰা ব্যৱহাৰ হৈছিল তেনে নহয়, ক্ষমতাত থকা দলৰ দ্বাৰাও ব্যৱহাৰ কৰা হৈছিল। আমি সেইবোৰ শব্দ বাদ দিম, যিবোৰক লৈ কোনোৱে আপত্তি জনাইছে।’
Published by:Sanjay Kumar Das
First published: