পেহী–ভতিজাৰ মিতিৰালিৰ অন্ত! অখিলেখ–মায়াৱতীয়ৰ সংঘাত স্পষ্ট

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টীৰ মিত্ৰজোঁটৰ আয়ুস টুটি আহিছে। মঙলবাৰে গাজীপুৰত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে বহুজন সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীৰে মিত্ৰতা ভংগৰ স্পষ্ট ইংগিত প্ৰদান কৰে।

news18assam
Updated:June 4, 2019, 4:23 PM IST
পেহী–ভতিজাৰ মিতিৰালিৰ অন্ত! অখিলেখ–মায়াৱতীয়ৰ সংঘাত স্পষ্ট
উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টীৰ মিত্ৰজোঁটৰ আয়ুস টুটি আহিছে। মঙলবাৰে গাজীপুৰত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে বহুজন সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীৰে মিত্ৰতা ভংগৰ স্পষ্ট ইংগিত প্ৰদান কৰে।
news18assam
Updated: June 4, 2019, 4:23 PM IST
লোকসভা নিৰ্বাচন ২০১৯ত পৰাজয়ৰ মুখ দেখাৰ পিছত উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টীৰ মিত্ৰজোঁটৰ আয়ুস টুটি আহিছে। মঙলবাৰে গাজীপুৰত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে বহুজন সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীৰে মিত্ৰতা ভংগৰ স্পষ্ট ইংগিত প্ৰদান কৰে। বিধানসভাৰ উপ নিৰ্বাচনত সমাজবাদী পাৰ্টীয়ে অকলেই যুঁজাৰ ঘোষণা অখিলেশৰ। লগতে তেওঁ উল্লেখ কৰে ২০২২ৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীৰেই চৰকাৰ হ’ব।

ইয়াৰ পূৰ্বে বহুজন সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে মিত্ৰজোঁটক লৈ একেই সুৰত মন্তব্য কৰিছিল। মায়াৱতীয়ে উপ নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ সৈতে একেলগে যুঁজাৰ প্ৰসংগ নস্যাৎ কৰে। মায়ৱতীয় কয়,

যদি আমি দেখো যে ভৱিষ্যতে সপাৰ মুৰব্বী অখিলেশ যাদৱে ৰাজনৈতিক মতভেদ দূৰ কৰাত সফল হৈছে, তেনেহ’লে আমি আকৌ একেলগে কাম কৰিম, কিন্তু যদিহে অখিলেশ বিফল হয় তেনেহ’লে সপা আৰু বসপা পৃথক হোৱাটোৱে উভয়ৰ কাৰণে মংগলদায়ক।


তাৎপৰ্যপূৰ্ণ যে বহুজন সমাজবাদী পাৰ্টীয়ে উপ নিৰ্বাচনত যুঁজাৰ সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ইয়াৰ পূৰ্বে কেতিয়াও উপ নিৰ্বাচনত বসপাই প্ৰাৰ্থিত্ব আগবঢ়োৱা নাই। ২০১৮চনত লোকসভা আৰু বিধানসভাৰ উপ নিৰ্বাচনত পাৰ্টীয়ে প্ৰাৰ্থিত্ব আগনবঢ়াই সপাক সমৰ্থন দি আহিছিল। একেই অংকত লোকসভাতো সমাজবাদী পাৰ্টীৰে মিত্ৰতা কৰে বহুজন সমাজবাদী পাৰ্টীয়ে। এতিয়া যদিহে মায়াৱতীয়ে অকলে উপ নিৰ্বাচনত যুঁজাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ’লে মিত্ৰজোঁটৰ ভৱিষ্যতৰ ওপৰতে প্ৰশ্ন উঠাটো স্বাভাৱিক।

উত্তৰ প্ৰদেশত খালী হোৱা মুঠ ১১খন বিধানসভাৰ আসনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।
আৰু চাওক পৰৱৰ্তী বাতৰি