দেশত কোৰোণাৰ ভয়াৱহতা। কোৰোণাৰ এনে সংক্ৰমণে ব্যাপক ভাবে ক্ষতি কৰিছে দেশৰ অৰ্থনীতি। বহু লোকে হেৰুৱাইছে কৰ্ম সংস্থাপন। দেশৰ এনে বিপদৰ সময়ৰ মাজতে ভাৰতীয় ৰে'ল বিভাগে শিক্ষিত নিবনুৱাৰ মুখলৈ আনিছে হাঁহি। ভাৰতীয় ৰে'ল বিভাগত খালী হৈছে ৩,৩২২টা 'Apprentice' পদ। ফিটাৰ, ৱেলডাৰ, পেইণ্টাৰসহ বহু কেইটা শিঁতানৰ বাবে বিচাৰিছে প্ৰাৰ্থী।
পিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, এই পদ পূৰণৰ বাবে নহয় লিখিত পৰীক্ষা। সম্পূৰ্ণ মেধাৰ নিযুক্তি লাভ কৰিব আবেদনকাৰীয়ে।
- শিক্ষাগত অৰ্হতা- দশম শ্ৰেণী উত্তীৰ্ণ, ITI ডিপ্লমা।
- বসয় সৰ্বোচ্চ ২৪ বছৰ।
- ST, SC আৰু মহিলাৰ বাবে বিনামূলীয়া হ'ব আবেদন প্ৰক্ৰিয়া।
- সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আবেদনৰ মাছুল ১০০ টকা।
- অনলাইনৰ মাধ্যমেৰে হব আবেদন প্ৰক্ৰিয়া। অহা ১০ জুন আবেদনৰ অন্তিম দিন।
- www.sr.indianrailways.gov.inত কৰিব পাৰিব আবেদন।
- প্ৰাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত কমেও ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।
Hindustan Timesৰ ৰিপৰ্ট মতে, নতুনকৈ নিযুক্তি লাভ কৰা সকলক তীৰুৱন্তপুৰমৰ ৰেলৱে হাস্পতাল, পালঘাট, পেৰামবাৰ, চেন্নাই ডিভিজনত সংস্থাপিত কৰা হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|