ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) সভাপতি সৌৰভ গাংগুলীয়ে শীঘ্ৰেই পদত্যাগ কৰিব পাৰে সভাপতি পদৰ পৰা হঠাতে বুধবাৰে গাংগুলীয়ে প্ৰকাশ কৰা এটা বাৰ্তাৰ পৰা এনে সন্দেহ কৰা হৈছে।
ক্ৰিকেটাৰ গাংগুলীয়ে এটা টুইট পোষ্ট কৰাৰ অলপ পিছতে এই চৰ্চা হয়। টুইটটোত কোৱা হৈছিল যে তেওঁ এটা নতুন "জীৱনৰ অধ্যায়" আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে।
গাংগুলীয়ে টুইট কৰি কয়, "মই কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছোঁ যিটোৱে সম্ভৱতঃ বহু লোকক সহায় কৰিব বুলি মই অনুভৱ কৰোঁ।"
ক্ৰিকেট জীৱনৰ কথা উল্লেখ কৰি উঠি তেওঁ প্ৰকাশ কৰা জীৱনৰ নতুন অধ্যায় কি হ'ব পাৰে তাকে লৈ এতিয়া সকলো কৌতূহলী হৈ পৰিছে। ধাৰণা কৰা অনুসৰি, তেওঁ শীঘ্ৰেই বিচিচিআইৰ পদ ত্যাগ কৰি ৰাজনীতিত যোগদান কৰিব। অৱশ্যে সেয়া বিজেপি নে তৃণমূল নে আন কিবা সেয়া জানিব পৰা হোৱা নাই।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|