মুখ্যপৃষ্ঠা »খবৰ »দেশ »‘‘ভাৰতীয় ক্ৰিকেট দল শক্তিশালী কৰিলে সৌৰভ গাংগুলীয়ে, ধোনীয়ে মাত্ৰ ‘মলাই’ খালে’’

‘‘ভাৰতীয় ক্ৰিকেট দল শক্তিশালী কৰিলে সৌৰভ গাংগুলীয়ে, ধোনীয়ে মাত্ৰ ‘মলাই’ খালে’’

ৰমিজ ৰাজাৰ সৈতে হোৱা সাক্ষাত্‍কাৰত এই মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰাই

ৰমিজ ৰাজাৰ সৈতে হোৱা সাক্ষাত্‍কাৰত এই মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰাই

ৰমিজ ৰাজাৰ সৈতে হোৱা সাক্ষাত্‍কাৰত এই মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰাই

  • Share this:
এতিয়া কোৰোণা ভাইৰাছে সৰ্বত্ৰ গ্ৰাস কৰিছে। বিগত এমাহ ধৰি বল বেটৰ লগত সম্পৰ্ক নাই ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ। দলৰ তাৰকা ক্ৰিকেটাৰসকল এতিয়া ছচিয়েল মিডিয়াতে বেছি ভাগ সময় ব্যস্ত। তাৰ মাজতে Youtubeৰ জৰিয়তে ৰমিজ ৰাজাৰ সৈতে হোৱা সাক্ষাত্‍কাৰত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আকাশ চোপ্ৰাই মহেন্দ্ৰ ধোনী সন্দৰ্ভত কৰিছে বিস্ফোৰক মন্তব্য।

সাক্ষাত্‍কাৰটোত আকাশ চোপ্ৰাই কয় যে,ভাৰতীয় ক্ৰিকেটদলটো শক্তিশালী কৰিলে সৌৰভ গাংগুলীয়ে। মহেন্দ্ৰ সিং ধোনীয়ে মাত্ৰ মলাই খালে।

ধোনীয়ে মাত্ৰ মলাই খালেঃ
ৰমিজ ৰাজাই আকাশ চোপ্ৰাক প্ৰশ্ন কৰিছিল যে, ভাৰতীয় দল কাৰ নেতৃত্বত শক্তিশালী হ’ল, সৌৰভ গাংগুলী নে ধোনীৰ? তেতিয়া উত্তৰত আকাশ চোপ্ৰাই কয় যে, সৌৰভ গাংগুলীৰ দিনত দলটো সম্পূৰ্ণ ৰূপে সলনি হ’ল। ইয়াৰ বহুতো কাৰণ আছে। সেই সময়ত ভাৰতীয় দলৰ গাত মেচ ফিক্সিঙৰ চেকা লাগিছিল। সৌৰভ গাংগুলীয়ে নেতৃত্ব লৈ দলটো নতুন ৰূপত গঢ়িলে। দলটো শক্তিশালী কৰিলে। ১৯ অনুৰ্ধৰ খেলুৱৈক দলত নতুনকৈ স্থান দিলে।’

আকাশ চোপ্ৰাই লগতে কয়, ‘গাংগুলী অধিনায়ক হিচাপে সদায় শ্ৰেষ্ঠ। তেওঁ পাঁচজন উদীয়মান খেলুৱৈক দলত স্থান দিলে। লগতে দ্ৰাৱিড়, অনিল কুম্বলে, শচীন, লক্ষ্মণৰ দৰে অভিজ্ঞ খেলুৱৈকো অৱজ্ঞা নকৰিলে। গাংগুলীয়ে যুৱৰাজ, হৰভজন, জাহিৰ, আশীষ নেহৰা, কাঈফ, ছেহৱাগৰ ওপৰতো বিশ্বাস ৰাখিলে। পিছত ধোনীয়ে মাত্ৰ দলটো আগুৱাই লৈ গ’ল। তেওঁ মাত্ৰ মলাই খালে।’

শেহতীয়া বাতৰি