এইবাৰ ৰিলায়েন্স ৰিটেইলত ৯,৫৫৫ কোটি টকা বিনিয়োগ কৰিলে ছৌদি আৰৱৰ পাব্লিক ইনভেষ্টমেণ্ট ফাণ্ডে

News18 Assam | News18-Assam
Updated:November 5, 2020, 5:50 PM IST
এইবাৰ ৰিলায়েন্স ৰিটেইলত ৯,৫৫৫ কোটি টকা বিনিয়োগ কৰিলে ছৌদি আৰৱৰ পাব্লিক ইনভেষ্টমেণ্ট ফাণ্ডে
বাঢ়িয়েই আছে ৰিলায়েন্সৰ বিভিন্ন খণ্ডত বিনিয়োগ কৰা বিনিয়োগকাৰীৰ সংখ্যা।

বাঢ়িয়েই আছে ৰিলায়েন্সৰ বিভিন্ন খণ্ডত বিনিয়োগ কৰা বিনিয়োগকাৰীৰ সংখ্যা।

  • Share this:
ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিনিয়োগকাৰীৰ বাবে এতিয়া অত্যন্ত নিৰ্ভৰযোগ্য আৰু বিশ্বাসী প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স। বাঢ়িয়েই আছে ৰিলায়েন্সৰ বিভিন্ন খণ্ডত বিনিয়োগ কৰা বিনিয়োগকাৰীৰ সংখ্যা। ৰিলায়েন্স জিঅ’ৰ পিছত এইবাৰ ৰিলায়েন্স ৰিটেইলত বাঢ়িছে বিনিয়োগকাৰীৰ সংখ্যা। এইবাৰ ৰিলায়েন্স ৰিটেইলৰ ২.০৪ অংশ ক্ৰয় কৰিবলৈ ৯,৫৫৫ কোটি টকা বিনিয়োগ কৰিলে ছৌদি আৰৱৰ পাব্লিক ইনভেষ্টমেণ্ট ফাণ্ডে।



ইটোৰ পিছত সিটো বিনিয়োগৰ ফলত ৰিলায়েন্স ৰিটেইলৰ প্ৰী-মানি-ইক্যুইটি ভেল্যু ৪.৫৮৭ লাখ কোটি টকা হৈছেগৈ। এইপৰ্যন্ত ৰিলায়েন্স ৰিটেইলৰ ১০.০৯ শতাংশ শ্বেয়াৰ বিক্ৰী কৰা হৈছে। যাৰ মূল্য হৈছে ৪৭,২৬৫ কোটি টকা।
Published by: Himangshu Bhuyan
First published: November 5, 2020, 5:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading