সুখবৰ! ATMৰ জৰিয়তে টকা উলিয়াওঁতে ভৰিব নালাগে অতিৰিক্ত ধন!

এটিএম লেন দেনক লৈ আৰবিআইৰ গৱৰ্নৰে দিছে এই ইংগিত। কেন্দ্ৰীয় বেংকে বৈঠকত এই সন্দৰ্ভত এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

news18assam
Updated:June 6, 2019, 3:23 PM IST
সুখবৰ! ATMৰ জৰিয়তে টকা উলিয়াওঁতে ভৰিব নালাগে অতিৰিক্ত ধন!
ফাইল ফটো
news18assam
Updated: June 6, 2019, 3:23 PM IST
আৰবিআইৰ তৰফৰ পৰা এটিএম লেন দেনক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় বেংকে বৈঠকত এক সমিতি গঠন কৰি এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ সংকেত প্ৰদান কৰিছে। এই সমিতিয়ে এটিএমৰ কৰৰ সন্দৰ্ভত সকলো বিষয় সমীক্ষা কৰিব। এই সমিতিৰ নেতৃত্বত থাকিব IBAৰ মুখ্য কাৰ্যবাহী বিষয়া। এই সমিতিয়ে দুমাহৰ ভিতৰত নিজৰ মতামত আৰবিআইক প্ৰদান কৰিব।

আৰবিআইৰ গৱৰ্নৰ শক্তিকান্ত দাসে কয় এটিএমৰ ব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে, লগতে এটিএমৰ সৈতে জৰিত ফীজ আৰু চাৰ্জক লৈ দীঘলীয়া সময়ৰ পৰা চৰ্চা চলি আছে। এইবোৰ বিতৰ্কৰ অৱসান ঘটাবলৈ দাবী উত্থাপন কৰি অহা হৈছে। এটিএমৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত হোৱা বিবাদ নিষ্পত্তি কৰিবলৈ ৰিজাৰ্ভ বেংকে এখন কমিটী গঠন কৰিব। জনায় গৱৰ্নৰ শক্তিকান্ত দাসে। 

 
আৰু চাওক পৰৱৰ্তী বাতৰি