শীঘ্ৰেই গেলামালৰ দোকানৰ পৰা ATM কাৰ্ড ব্যৱহাৰ কৰি উলিয়াব পাৰিব নগদ ধন!

ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত এক নতুন আঁচনি গ্ৰহণৰ চৰ্চা আৰম্ভ কৰিছে। এই সন্দৰ্ভত গঠন কৰা এক সমিতিয়ে সৰু চহৰ অথবা মফচলীয় এলেকাত দোকানীৰ জৰিয়তে নগদ ধন যোগান দিয়াৰ প্ৰস্তাৱ দিছে। 

news18
Updated:June 6, 2019, 12:34 PM IST
শীঘ্ৰেই গেলামালৰ দোকানৰ পৰা ATM কাৰ্ড ব্যৱহাৰ কৰি উলিয়াব পাৰিব নগদ ধন!
ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত এক নতুন আঁচনি গ্ৰহণৰ চৰ্চা আৰম্ভ কৰিছে। এই সন্দৰ্ভত গঠন কৰা এক সমিতিয়ে সৰু চহৰ অথবা মফচলীয় এলেকাত দোকানীৰ জৰিয়তে নগদ ধন যোগান দিয়াৰ প্ৰস্তাৱ দিছে। 
news18
Updated: June 6, 2019, 12:34 PM IST
অতি শীঘ্ৰেই আপুনি ATMৰ সলনি নিজৰ কাষৰ গেলামালৰ দোকানৰ পৰা নগদ ধন উঠাব পাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশত এটিএম ৰ হ্ৰাস পোৱা সংখ্যালৈ লক্ষ্য ৰাখি এখন সমিতি গঠন কৰিছে। এই সমিতিয়ে সৰু চহৰ অথবা মফচলীয় এলেকাত দোকানীৰ জৰিয়তে নগদ ধন যোগান দিয়াৰ প্ৰস্তাৱ দিছে। সমিতিৰ মতে খৰছ বৃদ্ধি পোৱাৰ বাবেই বেংকে এটিএম বন্ধ কৰিবলৈ ধৰিছে, এনে পৰিপ্ৰেক্ষতিত গেলামালৰ দোকানৰ জৰিয়তে মানুহে নগদ ধন উলিয়াব পৰাৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰি। নন্দন নীলেকনিৰ অধ্যক্ষতাত গঠিত সমিতিয়ে আৰবিআইক এই প্ৰস্তাৱ দিছে।

কেছ ইন, কেছ আউট নেটৱৰ্কে কৰিব কাম

ইকনমিকছ টাইমছৰ ৰিপৰ্ট অনুসৰি সমিতিয়ে কেছ ইন, কেছ আউট (CICO) নেটৱৰ্কৰ প্ৰস্তাৱ দিছে। এই নেটৱৰ্কৰ জৰিয়তে গ্ৰাহকে OR কোড আৰু আধাৰ আধাৰিত লেন দেন চেনেলৰ দ্বাৰা নিজৰ সমীপৰ গেলামালৰ দোকানৰ পৰা ডিজিটেল ধনক নগদ ধনলৈ পৰিৱৰ্তন কৰিব পাৰিব। কোটেক মহিন্দ্ৰা বেংকৰ মুখ্য ডিজিটেল অফিচাৰ দীপক শৰ্মাৰ মতে, CICO মডেল কেছ আউট সুবিধাৰ কাৰণে তিনি কোটি POS মেচিন ৰিটেইল পইণ্টৰ দৰকাৰ হ’ব আৰু ইয়াৰ বাবে স্থানীয় গেলামালৰ দোকান আৰু বিজনেছ কৰেছপন্ডেন্সৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব। তেওঁলোকেই বিত্তীয় সমাৱেশনৰ পৰৱৰ্তী পদক্ষেপৰ নেতৃত্ব দিব। 

উল্লেখযোগ্য যে এটা বছৰৰ ভিতৰতে ৪৯টাৰ ভিতৰত ৩০টা বেংকেই নিজৰ এটিএমৰ সংখ্যা হ্ৰাস কৰিছে। আৰবিআইৰ ডাটা অনুসৰি দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংকে প্ৰায় ১০০০এটিএম বন্ধ কৰিছে। ইয়াৰ মাজতে বেংকে প্ৰায় ৬.৪লাখ নতুন POS মেচিন বিতৰণ কৰিছে। এই মেচিনৰ জৰিয়তে আপুনি নিজৰ কাৰ্ড চোৱাইপ কৰি দোকানীৰ পৰা নগদ ধন ল’ব পাৰিব। OR কোড আৰু আধাৰ কাৰ্ডৰ জৰিয়তেও এই সুবিধা প্ৰদান কৰা হ’ব। ইয়াৰ লাভ দোকানীসকলক পিঅএছৰ দ্বাৰা কৰিবলগীয়া অন্য লেন দেনৰ ক্ষেত্ৰত চাৰ্ভিছ চাৰ্জ কমাই প্ৰদান কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি