মিনিটত তৈয়াৰ হ’ব PAN কাৰ্ড, ইনকাম টেক্স ডিপাৰ্টমেণ্টে আনি আছে নতুন সেৱা

আয়কৰ বিভাগে সোনকালেই মিনিটত পেন কাৰ্ড বনোৱাৰ নতুন সুবিধা আৰম্ভ কৰিবলৈ গৈ আছে। 

News18-Assam
Updated:November 5, 2019, 12:51 PM IST
মিনিটত তৈয়াৰ হ’ব PAN কাৰ্ড, ইনকাম টেক্স ডিপাৰ্টমেণ্টে আনি আছে নতুন সেৱা
আয়কৰ বিভাগে সোনকালেই মিনিটত পেন কাৰ্ড বনোৱাৰ নতুন সুবিধা আৰম্ভ কৰিবলৈ গৈ আছে। 
News18-Assam
Updated: November 5, 2019, 12:51 PM IST
আয়কৰ বিভাগে সোনকালেই মিনিটত পেন কাৰ্ড প্ৰস্তুত কৰাৰ নতুন সুবিধা আৰম্ভ কৰিবলৈ গৈ আছে। এই সুবিধা মতে আধাৰ কাৰ্ডৰ জৰিয়তে এপ্লিকেণ্টৰ সকলো তথ্য আহৰণ কৰা হ’ব। ইয়াৰ দ্বাৰা পেনৰ সবিশেষ ভেৰিফাই কৰা সহজ হৈ পৰিব। টাইমছ অৱ ইণ্ডিয়াৰ খবৰ কাকতৰ সূত্ৰ মতে এই সুবিধা আগন্তুক কেইটামান সপ্তাহত আৰম্ভ হ’ব। ইয়াৰ জৰিয়তে সেইসকল লোকে পেন কাৰ্ড লাভ কৰিব যাৰ পেন কাৰ্ড হেৰাইছে। এই সুবিধাৰ আধাৰত তেওঁলোকে মিনিটত ডুপ্লিকেট পেন কাৰ্ড প্ৰস্তুত কৰিব পাৰিব।

বিষয়াবৰ্গই জনোৱা মতে ইলেক’ট্ৰনিক পেন (ePAN)ৰ সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। ই–পেন বনাবলৈ আধাৰ কাৰ্ডৰ সবিশেষ ভেৰিফাি কৰা হ’ব। ইয়াক ভেৰিফাি কৰিবলৈ আপোনাৰ ওচৰলৈ এটা OTP যাব। যিহেতু আধাৰত দিয়া ডাটা যেনে ঠিকনা, পিতাৰ নাম আৰু জন্মতিথি অনলাইন একচেছ থাকিব গতিকে পেন কাৰ্ড প্ৰস্তুত কৰিবলৈ কেতবোৰ প্ৰাথমিক তথ্যৰ বাহিৰে আন কোনো ধৰণৰ নথি আপলোড কৰাৰ প্ৰয়োজনীয়তা নাথাকিব।

PAN জেনেৰেট হোৱাৰ পিছত প্ৰাৰ্থীগৰাকীক এক ডিজিটেল হস্তাক্ষৰযুক্ত ePAN দিয়া হ’ব। ইয়াত এটা QRকোড থাকিব। এজন বিষয়াৰ মতে ভুৱা তথ্য আৰু ডিজিটেল ফটোশ্বপিং ৰোধ কৰিবলৈ কিউআৰ কোডত তথ্য এনক্ৰিপ্ট কৰা হ’ব।

এক পাইলট প্ৰজেক্টৰ অধীনত প্ৰথম আঠ দিনত ৬২,০০০ৰ অধিক ePAN জাৰি কৰা হৈছে। ইয়াৰ পিছত এয়া সম্পূৰ্ণ দেশত বলৱৎ কৰা হ’ব। আয়কৰ সেৱাসমূহ অধিক ডিজিটেলিকৰণ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি