உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Sonu Sood Met Arvind Kejriwal : ৰাজনীতিলৈ আহিব নেকি অভিনেতা-সমাজ সেৱক চনু সুদ, দিল্লীত কেজৰিৱালক সাক্ষাৎ

    Sonu Sood Met Arvind Kejriwal : ৰাজনীতিলৈ আহিব নেকি অভিনেতা-সমাজ সেৱক চনু সুদ, দিল্লীত কেজৰিৱালক সাক্ষাৎ

    চনু সুদ (Sonu Sood) ৰাজনীতিলৈ অহাৰ বিষয়টো কেইদিনমান ধৰি খুউব চৰ্চা হৈ আছে। শেহতীয়াকৈ তেওঁ দিল্লীৰ AAP চৰকাৰৰ 'দেশ কি মেণ্টৰ' (Desh Ke Mentors) কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছাদৰৰূপে নিযুক্ত হৈছে।

    চনু সুদ (Sonu Sood) ৰাজনীতিলৈ অহাৰ বিষয়টো কেইদিনমান ধৰি খুউব চৰ্চা হৈ আছে। শেহতীয়াকৈ তেওঁ দিল্লীৰ AAP চৰকাৰৰ 'দেশ কি মেণ্টৰ' (Desh Ke Mentors) কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছাদৰৰূপে নিযুক্ত হৈছে।

    চনু সুদ (Sonu Sood) ৰাজনীতিলৈ অহাৰ বিষয়টো কেইদিনমান ধৰি খুউব চৰ্চা হৈ আছে। শেহতীয়াকৈ তেওঁ দিল্লীৰ AAP চৰকাৰৰ 'দেশ কি মেণ্টৰ' (Desh Ke Mentors) কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছাদৰৰূপে নিযুক্ত হৈছে।

    • Share this:
    অভিনেতা-সমাজ সেৱক চনু সুদ (Sonu Sood) সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি? বিগত কেইদিনমানত এই বিষয়টো খুউব চৰ্চা হৈ থকাৰ মাজতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)ক সাক্ষাৎ কৰিলে চনু সুদে। দিল্লী চৰকাৰে আৰম্ভ কৰিবলগীয়া 'দেশ কি মেণ্টৰ' (Desh Ke Mentors) কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছাদৰৰূপে নিয়োগ কৰিছে অভিনেতা চনু সুদক।

    যোৱা বছৰ দেশজুৰি লকডাউনৰ সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক তেওঁলোকৰ গৃহ ৰাজ্যত উপস্থিত হোৱাত সহায় কৰাৰ বাবে দেশজুৰি চৰ্চালৈ আহিছিল অভিনেতা চনু সুদ। শুকুৰবাৰে শিশুসকলৰ বাবে পৰামৰ্শ কাৰ্যসূচীৰ বাবে দিল্লী চৰকাৰৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত কৰে অভিনেতাজনক।

    'দেশ কি মেণ্টৰ' কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চনু সুদে কয়, "দিল্লী চৰকাৰে সকলোকে আগবাঢ়ি অহাৰ বাবে এখন মঞ্চ সৃষ্টি কৰিছে। এইটো এটা ডাঙৰ সুযোগ।শিক্ষাৰ্থীসকলক পথ প্ৰদৰ্শন কৰাতকৈ ডাঙৰ সেৱা নাই। মই নিশ্চিত যে আমি একেলগে সকলো সম্ভৱ কৰিব পাৰোঁ আৰু আমি কৰিম। মই নিজকে ধন্য অনুভৱ কৰিছোঁ যে মই লাখ লাখ শিক্ষাৰ্থীৰ ওচৰলৈ যাবলৈ পাম।"

    আনহাতে কেজৰিৱালে অভিনেতাগৰাকীক প্ৰশংসা কৰি কয়, "চনু সুদে নিজৰ ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াই লোৱাৰ বাবে আমি কৃতজ্ঞ। তেওঁ সমগ্ৰ দেশৰ বাবে অনুপ্ৰেৰণা। হাজাৰ হাজাৰ লোকে সহায়ৰ বাবে তেওঁৰ ওচৰলৈ গৈছিল। এইটো এক প্ৰকাৰৰ অলৌকিক ঘটনা যে তেওঁ যি কৰি আহিছে যিটো বহুতো চৰকাৰে কৰিব পৰা নাই। আমি তেওঁৰ কামৰ বিষয়ে দীঘলীয়া বাৰ্তালাপ কৰিছিলোঁ আৰু দেশ কি মেণ্টৰ কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰিছিলোঁ।"

    দেশ কি মেণ্টৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে "দিল্লী চৰকাৰৰ এক পৰামৰ্শদাতা কাৰ্যসূচী আছে। বহুতো শিশুৱে নাজানে ক'লৈ যাব লাগে, কি কৰিব লাগে। আমি মানুহক ফোনযোগে এনে শিশুসকলক পৰামৰ্শ দিবলৈ আহ্বান জনাইছোঁ।"

    ইপিনে অভিনেতা চনু সুদে ৰাজনীতিলৈ অহাৰ কথা পোনছাটেই নাকচ কৰিছে। তেওঁ কয়, "ইয়াত ৰাজনৈতিক কথা একো নাই। এতিয়ালৈ আমি একো ৰাজনৈতিক কথা আলোচনা কৰা নাই।"

    উল্লেখ্য যে ৪৭ বছৰীয়া চনু সুদ নাইবা তেওঁৰ ভনীয়েক মালবিকা চাচাৰে আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। এটা বাতৰিত কোৱা মতে চনু সুদৰ ভগ্নী মালবিকা চাচাৰে কংগ্ৰেছৰ টিকটত মোগা সমষ্টিৰ পৰা পঞ্জাৱ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা হৈছে। যোৱা কেইমাহমান ধৰি পঞ্জাৱৰ মোগা অঞ্চলত সামাজিক কামতো সক্ৰিয় হৈ আছে মালবিকা। বিগত কিছুদিনত মালবিকাক বিভিন্ন চৰকাৰী বিভাগৰ দ্বাৰা আয়োজিত স্থানীয় অনুষ্ঠানলৈও আমন্ত্ৰণ জনোৱা হৈছে।

    উল্লেখ্য যে চনু সুদৰ জন্ম পঞ্জাৱৰ মোগা সমষ্টিতেই। চনু সুদ পঞ্জাৱ চৰকাৰৰ কোভিড টিকাকৰণ কাৰ্যসূচীৰো ব্ৰেণ্ড এম্বেছেডৰ।
    Published by:Manjumoni Borah
    First published: