ভয়ংকৰ ঘটনা! এগৰাকী TikTok ষ্টাৰক ডিঙি চেপি হত্যা, বিউটী পাৰ্লাৰৰ আলমাৰিৰ ভিতৰত উদ্ধাৰ মৃতদেহ

News18 Assam | News18-Assam
Updated:June 29, 2020, 2:40 PM IST
ভয়ংকৰ ঘটনা! এগৰাকী TikTok ষ্টাৰক ডিঙি চেপি হত্যা, বিউটী পাৰ্লাৰৰ আলমাৰিৰ ভিতৰত উদ্ধাৰ মৃতদেহ
শিৱানীৰ ভগ্নিয়ে কোৱা মতে, ২৬ জুনত অভিযুক্ত আৰীফে শিৱানীক লগ কৰিবলৈ শিৱানীয়ে কাম কৰা বিউটী পাৰ্লাৰলৈ গৈছিল।

শিৱানীৰ ভগ্নিয়ে কোৱা মতে, ২৬ জুনত অভিযুক্ত আৰীফে শিৱানীক লগ কৰিবলৈ শিৱানীয়ে কাম কৰা বিউটী পাৰ্লাৰলৈ গৈছিল।

  • Share this:
হাৰিয়ানাত সংঘটিত হৈছে এক লোকহৰ্ষক হত্যাকাণ্ড। হাৰিয়ানাৰ শোণিপট জিলাৰ শিৱানী নামৰ এগৰাকী টিকটক ষ্টাৰত ডিঙি চেপি হত্যা। শিৱানীয়ে কাম কৰা বিউটী পাৰ্লাৰখনৰ আলমাৰিৰ ভিতৰত উদ্ধাৰ মৃতদেহ। আৰীফ নামৰ এজন যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। দেওবাৰে মৃত শিৱানী নামৰ যুৱতীগৰাকীৰ ভগ্নীৰ এজন বন্ধুৱে  বিউটী পাৰ্লাৰ খোলোতে উদ্ধাৰ কৰে মৃতদেহ। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে কোৱা মতে, শিৱানীয়ে কুন্দলী নামৰ ঠাইত ‘টচ এণ্ড ফেয়াৰ’ নামৰ এখন চেলুন চলাইছিল। টিকটকত শিৱানীৰ আছিল লাখৰো অদিক ফল’ৱাৰছ।

শিৱানীৰ ভগ্নী শ্বেতাই কোৱা মতে, ‘২৬ জনত স্থানীয় আৰীফ নামৰ এজন যুৱক শিৱানীক লগ ধৰিবলৈ বিউটী পাৰ্লাৰ খনলৈ গৈছিল।  সেই কথা শ্বেতাক ফোনযোগে জনাইছিল শিৱানীয়ে।  কিন্তু সেইদিনা নিশা ঘৰলৈ উভতি নাহিল শিৱানী। পিছত শ্বেতাই মেছেজ দিয়াত শিৱানীৰ ফোনৰ পৰা ৰিপ্লাই আহে যে, তাই হৰিদ্বাৰ গৈছে, মঙলবাৰে উভতি আহিব।’

ঘটনাৰ দুদিন পিছত শ্বেতাৰ নীৰজ নামৰ এজন বন্ধুৱে বিউটী পাৰ্লাৰৰ দুৱাৰ খোলোতে এক অসহ্যকৰ গোন্ধ পায়। আৰু বিউটী পাৰ্লাৰখনত থকা আলমাৰিটো খোলোতে ওলাই পৰে শিৱানীৰ মৃতদেহ।  শিৱানীৰ পিতৃয়ে হত্যাকাণ্ডত আৰীফ জড়িত থকাৰ অভিযোগ তুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
First published: June 29, 2020, 2:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading