শণিবাৰে অনুষ্ঠিত কৰা হয় কংগ্ৰেছৰ দলৰ পৰা নিৰ্বাচিত সাংসদসকলৰ এখন বৈঠক। উক্ত বৈঠকতে দলৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীক কংগ্ৰেছ দলৰ সংসদীয় সমিতিৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। এই সম্পৰ্কত কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজৱালাই নিজৰ টুইটাৰৰ জৰিয়তে কয় যে ছোনীয়া গান্ধীক কংগ্ৰেছ দলৰ সংসদীয় সমিতিৰ নেত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে, সেইদৰে কংগ্ৰেছ দলক ভোটদান কৰা ১২.১৩ কোটি জনতাৰ প্ৰতি কংগ্ৰেছ দল কৃতজ্ঞ তেওঁলোকে কংগ্ৰেছ দলক বিশ্বাস কৰিলে, কংগ্ৰেছ দলেও তেওঁলোকক আস্থাতলৈ কাম কৰি যাব।
সংসদীয় কমিটিৰ বৈঠকত উপস্থিত থাকে কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, আনন্দ শৰ্মা, গোলাম নবী আজাদৰ দৰে কংগ্ৰেছ দলৰ আগশাৰীৰ নেতা সকল। উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ সৰ্বমুঠ ৫২ গৰাকী সাংসদ হিচাপে নিৰ্বাচিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|