আগন্তুক ৭ ছেপ্টেম্বৰৰ পূৰ্বে কংগ্ৰেছৰ স্থায়ী সভাপতি চয়ন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইতিমধ্যে চৰ্চালৈ আহিছে Congress Working Committeeৰ সদস্য অম্বিকা চনীৰ নাম । বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ১৫আগষ্টৰ দিনাখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ ২৪ আকবৰ ৰোডত জাতীয় পতাকা উত্তোলন কৰাৰ পিছত চৰ্চালৈ আহিছে তেওঁৰ নাম । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত ৰাহুল গান্ধীও উপস্থিত আছিল । উল্লেখযোগ্য যে, Covid 19ত আক্রান্ত হোৱাৰ কাৰণে ৰাজহুৱা অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত আছে কংগ্ৰেছৰ অন্তৰৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধী ।
২০১৯চনৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত ৰাহুল গান্ধীয়ে সভাপতিৰ পদ এৰিছিল আৰু তেতিয়াৰ পৰাই মাতৃ ছোনিয়া সেই দায়িত্বত আছে । এসপ্তাহৰ পূৰ্বে দিল্লীৰ পৰা প্রকাশিত এখন ইংৰাজী দৈনিকৰ মতে ৰাহুল গান্ধী পুনৰ দলটোৰ মূৰব্বী হ’ব বিচৰা নাই । এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ চলাই যাবলৈ তেওঁ দলৰ মুৰব্বী হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰাৰ কথা উল্লেখ কৰা হৈছে বাতৰি কাকতখনত । অহা ছেপ্টেম্বৰৰ ৭ তাৰিখৰ পৰা দলটোৱে কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈ ভাৰত জৰ’ যাত্ৰা আৰম্ভ কৰিব । ইয়াৰ পূৰ্বেই সাংগঠনিক নিৰ্বাচন সমূহ সমাপ্ত কৰি দলটোৰ এজন স্থায়ী মুৰব্বী চয়ন কৰাত জোৰ দিছে দলটোৰ বহু কেইজন জ্যেষ্ঠ নেতাই । সোমবাৰে দলটোৰ জ্যেষ্ঠ নেতা ক্ৰমে কে চি ভেনুগোপাল, গোলাম নবী আজাদ, আনন্দ শৰ্মা, জয়ৰাম ৰমেশ, প্ৰিয়ংকা গান্ধী আদিয়ে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা তীচ জানুৱাৰী মাৰ্গত থকা গান্ধী স্মৃতিলৈ এক শোভাযাত্ৰাও উলিয়ায় ।