কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ভাৰতত ক্ৰমশঃ দেখিবলৈ পোৱা ব্লেক ফাংগাছ (মিউকোৰ্মাইকোছিছ) ৰোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ লিখিছে। পত্ৰখনৰ জৰিয়তে তেওঁ প্ৰধানমন্ত্ৰী মোদীক এই ৰোগৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ঔষধ আৰু বেজীৰ যোগান নিশ্চিত কৰিবলৈ আহ্বান জনায়। পত্ৰখনত ছোনিয়া গান্ধীয়ে লিখে যে কেন্দ্ৰই ৰাজ্যসমূহক মিউকোৰ্মাইকোছিছ মহামাৰী বুলি ঘোষণা কৰিবলৈ কৈছে, কিন্তু ইয়াৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ পৰ্যাপ্ত উৎপাদন আৰু যোগান নিশ্চিত কৰিব লাগে।
তেওঁ লগতে চিঠিখনত এনে ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে বিনামূলীয়া চিকিৎসা ব্যৱস্থাৰ কথাও উল্লেখ কৰে। কংগ্ৰেছ অধ্যক্ষাগৰাকীয়ে লিখে, "মই ভাবো এই ৰোগৰ ঔষধ লিপোচোমল এম্ফোটেৰিচিন অতি গুৰুত্বপূৰ্ণ। কিন্তু বজাৰত ইয়াৰ অভাৱ হোৱাৰ খবৰ পোৱা গৈছে।' পত্ৰখনত গান্ধীয়ে আয়ুষ্মান যোজনাত ৰোগটোক অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনায়।
উল্লেখ্য, ব্লেক ফাংগাছত সংক্ৰমণ হোৱা বেছিভাগ কোভিড-১৯ৰ পৰা আৰোগ্য হোৱা লোক। এই ৰোগক সাধাৰণ অসমীয়া ভাষাত ক'লা ভেঁকুৰ বুলিও কোৱা হৈছে। ভাৰতৰ কেইখনমান ৰাজ্যত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে ব্লেক ফাংগাছ বা ক'লা ভেঁকুৰৰ সংক্ৰমণ। অসমতো অলপতে এগৰাকী এনে ৰোগী মৃত্যুমুখত পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেশত প্ৰায় ৯,০০০ ক'লা ভেঁকুৰ সংক্ৰমণৰ কেছ পোৱা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|