
প্ৰায় ৬,৫০০ অতিথি উপস্থিত থাকিব মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত।
প্ৰায় ৬,৫০০ অতিথি উপস্থিত থাকিব মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত।
বৃহস্পতিবাৰে পুনৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। শপতগ্ৰহণ অনুষ্ঠানত ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধীও উপস্থিত থাকিব বুলি খবৰ আহিছে। প্ৰায় ৬,৫০০ অতিথি উপস্থিত থাকিব মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত। ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নথকাৰ কথা পত্ৰযোগে জনাইছে প্ৰধানমন্ত্ৰী মোদীক। প্ৰথমে অনুষ্ঠানত উপস্থিত থাকিব বুলি প্ৰকাশ কৰিছিল যদিও আজি স্থিতি সলনি কৰিলে মমতাই। মমতাই কয় যে প্ৰথমে মোৰ অনুষ্ঠানত উপস্থিত থকাৰ পৰিকল্পনা আছিল। কিন্তু সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বিজেপিয়ে দাবী কৰিছে যে তেওঁলোকৰ ৫৪জন লোক পশ্চিম বংগত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হৈছে। যিটো সম্পূৰ্ণ মিছা কথা। মই অসহায় কিন্তু অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰো।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|