নেচনেল হেৰাল্ড গোচৰত আজি পুনৰ ছোনিয়া গান্ধীক সোধা–পোছা কৰিব এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে (ED)। আজি দুপৰীয়া ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব ছোনিয়া গান্ধী। ইডিয়ে ছোনিয়া গান্ধীক সোধা–পোছাৰ বাবে পূৰ্বে সোমবাৰে তলব কৰিছিল, কিন্তু পিছত এদিনৰ বাবে পিছুৱাই দিয়া হয়। উল্লেখযোগ্য যে ২১ জুলাইত দুঘণ্টাৰ বাবে সোধা–পোছা কৰিছিল ছোনিয়া গান্ধীক।
ইডিৰ কাৰ্যালয়ত ছোনিয়া গান্ধীক সোধা–পোছাৰ সময়ত সকলো প্ৰট’কল অনুসৰণ কৰা হ’ব। ইয়াৰ ভিতৰত থাকিব এম্বুলেঞ্চৰ সৈতে চিকিৎসকৰ দল, কংগ্ৰেছ অধ্যক্ষাগৰাকীক সোধা–পোছাৰ সময়ত বিষয়াৰ কোভিড নিগেটিভ প্ৰমাণপত্ৰ থাকিব লাগিব আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব।
প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ৰাহুল গান্ধীও আজি মাতৃৰ সৈতে ইডি কৰ্যালয়লৈ যোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছে নিজৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এই সোধা–পোছাৰ ঘটনাক তীব্ৰ নিন্দা কৰিছে আৰু ৰাজনৈতিক প্ৰতিশোধ আখ্যা দিছে। কংগ্ৰেছ কাৰ্যকৰ্তাৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে ৰাজঘাটত ১৪৪ ধাৰা জাৰি কৰিছে। ৰাজধানীৰ মুখ্য স্থানৰ লগতে ইডি কাৰ্যালয়ৰ বাহিৰত চিআৰপিএফ আৰু ৰেপিড একশ্যন ফ’ৰ্চ নিয়োগ কৰা হৈছে।