ছোনিয়া গান্ধীয়েই হৈ থাকিব কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী। নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত ছোনিয়া গান্ধীৰ হাততে থাকিব সভানেত্ৰীৰ দায়িত্ব। ইফালে অহা ৬ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰি স্থায়ী সভাপতি নিৰ্বাচিত কৰাৰ আছে সম্ভাৱনা। সোমবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠক প্ৰায় ৭ ঘণ্টা ধৰি চলে।
২৩ গৰাকী জ্যেষ্ঠ নেতাই দলৰ ব্যাপক পৰিবৰ্তন বিচাৰি নেতৃত্বলৈ লিখা পত্ৰৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। আনকি এই প্ৰসংগত নেতৃত্বৰ মাজতে বহু সময় ধৰি বাদ-বিবাদ চলে। পিছত ছোনিয়া গান্ধীয়ে কয় যে, ‘মই দুখ পাইছো। কিন্তু তেওঁলোকো আমাৰ সহকৰ্মী।গতিকে আমি সকলোৱে একেলগে কাম কৰিব লাগিব।’
ইফালে কোৰোণা মহামাৰীৰ ফলত দেশত উদ্ভৱ হোৱা পৰিস্থিতি, দেশৰ অৰ্থনৈতিক অস্থিৰতা, চীন ভাৰতৰ সীমা বিবাদৰ সমাধান সূত্ৰ উলিওৱাত কেন্দ্ৰীয় চৰকাৰৰ বিফলতাৰ সন্দৰ্ভতো আজি আলোচনা হয় । বৈঠকৰ শেষত তাত্পৰ্যপূৰ্ণ ভাবে এনে এক সন্ধিক্ষণত দলটোক দুৰ্বল কৰিবলৈ দলৰ ভিতৰে বাহিৰে অহৰহ লাগি থকা কোনো লোকক প্ৰশ্ৰয় দিয়া নহ’ব বুলি মন্তব্য কৰে কেচি ভেনোগোপাল আৰু ৰংদ্বীপ সূর্যেৱালাই।
সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় যে, দেশৰ জটিল সন্ধিক্ষণত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী জনতাৰ কণ্ঠ হৈ আছে ।
পৰবৰ্তী AICC বৈঠক পর্যন্ত ছোনিয়া গান্ধীয়েই দলৰ সভানেত্ৰী হৈ থাকিব। দলত প্ৰয়োজনীয় সালসলনি কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব ছোনিয়া গান্ধীৰ হাতত।’আনহাতে ৱৰ্কিং কমিটীৰ বৈঠকত অধিক সংখ্যক সদস্যই ৰাহুল গান্ধীক সভাপতি পতাৰ দিশত মত পোষণ কৰিছে । শীঘ্ৰে AICCৰ বৈঠক অনুষ্ঠিত হ’ব। আৰু বৈঠকতে কংগ্ৰেছৰ স্থায়ী সভাপতি নিৰ্বাচন কৰিবলৈ চেষ্টা চলাব কংগ্ৰেছ নেতৃত্বই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|