কংগ্ৰেছে এতিয়া ৰাজ্যসভাৰ দৰে লোকসভাৰ মজিয়াতো জম্মু–কাশ্মীৰ পুণৰ গঠন বিল,২০১৯ ক তীব্ৰ বিৰোধিতা কৰিছে। কিন্তু এতিয়া তাৰ মাজতেই এগৰাকী কংগ্ৰেছী সাংসদৰ মন্তব্যই অস্বস্তিত পেলাইছে কংগ্ৰেছ দলৰ শীৰ্ষ মহলক। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে মংগলবাৰে ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ ভাৰতৰ আভ্যন্তৰীণ বিষয় নহয় বুলি মন্তব্য কৰাৰ পিছতে এতিয়া কংগ্ৰেছৰ ভিতৰচঁৰাত সৃষ্টি হৈছে তীব্ৰ জোকাৰণী। সাংসদজনৰ মন্তব্যকলৈ এতিয়া নাৰাজ ছোনীয়া গান্ধী।
খবৰ অনুসৰি এতিয়া ছোনীয়া গান্ধীয়ে অধীৰ ৰঞ্জন চৌধুৰীক কাশ্মীৰ বিষয় সন্দৰ্ভত দলৰ স্থিতি মানি চলাৰো পৰামৰ্শ দিছে। গান্ধীয়ে বিষয়তো সন্দৰ্ভত সাংসদ মনীষ তিৱাৰীৰ মন্তব্যই কংগ্ৰেছ দলৰো মন্তব্য বুলি উল্লেখ কৰে। অধীৰ ৰঞ্জনৰ এনে দায়িত্বহীন মন্তব্যৰ পিছতে কাশ্মীৰ বিষয়ত কংগ্ৰেছৰ যি স্থিতি, সেই লৈ বিভিন্নজনে এতিয়া সন্দেহৰ চকুৰে চাইছে।
মনীষ তিৱাৰীৰ মন্তব্যমনীষ তিৱাৰীয়ে লোকসভাত কয় যে, জৱাহৰলাল নেহৰুৰ চৰকাৰে জম্মু–কাশ্মীৰক ভাৰতৰ অংগৰাজ্য হিচাপে অন্তৰ্ভূক্ত কৰিছিল। সংবিধানৰ তৃতীয় অনুসূচীত কোনো ৰাজ্যৰ বিষয়ত হস্তক্ষেপ কৰাৰ আগতে সেই ৰাজ্যখনৰ লগত আলোচনা আৰু পৰামৰ্শ গ্ৰহণ কৰাতো জৰুৰী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|