নেচনেল হেৰাল্ড গোচৰত আজি ইডিৰ কাৰ্যালয়ত হাজিৰ হ’ব ছোনিয়া গান্ধী। কংগ্ৰেছে ছোনিয়া গান্ধীৰ সমৰ্থনত ব–হস্পতিবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰু আকবৰ ৰোডত বেৰিকেড লগাই দিছে। আনহাতে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটো দিল্লীত উপস্থিত আছে।
কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে যিকোনো অন্যায়ৰ বিৰুদ্ধে অহিংস গান্ধীবাদী ‘সত্যাগ্ৰহ’ প্ৰতিগৰাকী ভাৰতীয়ৰ সাংবিধানিক অধিকাৰ। কিন্তু শাসনৰ অহংকাৰত মোদী চৰকাৰে এই অধিকাৰ আমাৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা চলাইছে। এয়া কংগ্ৰেছৰ ওপৰত নহয়, মহান গণতন্ত্ৰৰ ওপৰত আক্ৰমণ।
আকবৰ ৰোডত এআইচিচিৰ মুখ্য কাৰ্যালয়ৰ সমীপত দিল্লী আৰক্ষীয়ে বেৰিকেড লগাই দিছে। ইফালে জয়পুৰত পুৱা ১০ বজাত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা ইডি কাৰ্যালয়লৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গোবিন্দ ডোটাছৰাৰ নেতৃত্বত এক সমদল উলিওৱা হ’ব আৰু ইডিৰ কাৰ্যালয়ৰ বাহিৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|