
Sonia Gandhi/file image
Sonia Gandhi: ক’ভিড-পৰৱৰ্তী সমস্যাৰ বাবে ১২ জুনৰ পৰা গংগা ৰাম হাস্পতাল (Sir Ganga Ram Hospital)ত চিকিৎসাধীন হৈ আছিল।
সোমবাৰে ছাৰ গংগা ৰাম হাস্পতালৰ পৰা যাবলৈ দিয়া হয় কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী (Sonia Gandhi)ক। হাস্পতালৰ পৰা মুকলি কৰি দিলেও ঘৰতে জিৰণি ল’বলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। যোৱা ২ জুনত ছোনিয়াৰ দেহত নোভেল ক’ৰোনা ভাইৰাছ (Corona Virus) পজিটিভ পোৱা গৈছিল আৰু ক’ভিড-পৰৱৰ্তী সমস্যাৰ বাবে ১২ জুনৰ পৰা গংগা ৰাম হাস্পতাল (Sir Ganga Ram Hospital)ত চিকিৎসাধীন হৈ আছিল।
এই খবৰটো টুইট কৰি কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কয় যে, ‘কংগ্ৰেছৰ সভানেত্ৰী শ্ৰীমতী ছোনিয়া গান্ধীক আজি সন্ধিয়া ছাৰ গংগা ৰাম হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে আৰু ঘৰতে জিৰণি লোৱাৰ পৰামৰ্শ দিয়া হৈছে।"
দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ দৰেই ছোনিয়াও নেশ্যনেল হেৰাল্ড (National Herald)ৰ ধন সৰবৰাহ গোচৰৰ তদন্তৰ সন্মুখীন হৈছে আৰু ২৩ জুনত তেওঁক বলবৎকাৰী সঞ্চালকালয়ে (Enforcement Directorate) নতুন চমনৰ জৰিয়তে মাতিছে। ৭৫ বছৰীয়া নেত্ৰীগৰাকীয়ে ৮ জুনত কেন্দ্ৰীয় সংস্থাটোৰ সন্মুখত হাজিৰ হোৱাৰ কথা আছিল যদিও তেওঁৰ Covid-সম্পৰ্কীয় অসুস্থতাৰ বাবে তেওঁ অধিক সময় বিচাৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|