একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই দলত ব্যাপক পৰিবৰ্তনৰ আহ্বান জনাই প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ দি ছোনিয়া গান্ধীয়ে AICCৰ সভানেত্ৰীৰ দায়িত্ব পৰা অব্যাহতি ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে। প্ৰক্ৰিয়াটোৰে জড়িত নাম প্ৰকাশত অনিচ্ছুক এজন নেতাই আজি সদৰী কৰা মতে, ছোনিয়া গান্ধীয়ে ইতিমধ্যে যোৱা আগষ্টৰ ১০ তাৰিখে অন্তৱৰ্তীকালীন সভানেত্ৰীৰ এবছৰীয়া কাৰ্যকাল সমাপ্ত কৰিছে। গতিকে তেওঁ পত্ৰৰ জৰিয়তে দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ কথা কৈছে আৰু জ্যেষ্ঠ নেতা সকলক দলৰ স্থায়ী সভাপতি/সভানেত্ৰী নিৰ্বাচিত কৰিবলৈ এক প্ৰকাৰ নির্দেশ দিছে।
সোমবাৰে ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ CWC বৈঠকত এই সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলকে ধৰি বহু কেইজন নেতাই ৰাহুল গান্ধীক পুনৰ সভাপতিৰ দায়িত্ব ল’বলৈ আহ্বান জনাইছে। CWCয়ে বিচাৰিলে অন্তৱৰ্তীকালীন সভাপতিৰ কাৰ্যকাল বঢ়োৱাৰ ক্ষমতা আছে। কিন্তু স্থায়ী সভাপতি নিযুক্তি দিবলৈ AICCয়ে নিৰ্বাচন পাতিব লাগিব।
কিন্তু তাত্পৰ্যপূৰ্ণ ভাবে ৰাহুল গান্ধীয়ে নেহৰু-গান্ধী পৰিয়ালৰ বাহিৰৰ লোকক দলৰ সভাপতি পতাৰ পোষকতা কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|