• Home
  • »
  • News
  • »
  • nation
  • »
  • CWC Meeting: ''মই কংগ্ৰেছৰ পূৰ্ণকালীন অধ্যক্ষ'' CWCৰ বৈঠকত অসন্তুষ্ট কংগ্ৰেছ নেতাক ছোনিয়াৰ উত্তৰ

CWC Meeting: ''মই কংগ্ৰেছৰ পূৰ্ণকালীন অধ্যক্ষ'' CWCৰ বৈঠকত অসন্তুষ্ট কংগ্ৰেছ নেতাক ছোনিয়াৰ উত্তৰ

এবছৰৰ ভিতৰত কংগ্ৰেছৰ সভাপতিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

এবছৰৰ ভিতৰত কংগ্ৰেছৰ সভাপতিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

এবছৰৰ ভিতৰত কংগ্ৰেছৰ সভাপতিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

  • Share this:

ছোনিয়া গান্ধীৰ অধ্যক্ষতাত আজি কংগ্ৰেছ দলৰ ৱৰ্কিং কমিটী (CWC)ৰ বৈঠক অনুষ্ঠিত হয়। আগন্তুক ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ লগতে দলটোৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰতো দলটোৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত হোৱা বৈঠকত আলোচনা হ’ব।


এই বৈঠকত মূলতঃ এবছৰৰ ভিতৰত সাংগঠনিক নিৰ্বাচন সম্পূৰ্ণ কৰিবলৈ সকলোৱে সহমত প্ৰতাশ কৰে। বৈঠকত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে দলৰ অসন্তুষ্ট নেতাসকলক আক্ৰমণ কৰা পৰিলক্ষিত হয়। তেওঁ অসন্তুষ্ট জি-২৩ নেতাসকলক উদ্দেশ্যি কয়, "মই দলটোৰ পূৰ্ণ-সময়ৰ সভাপতি আৰু মোৰ সৈতে কথা পাতিবলৈ সংবাদ মাধ্যমৰ আশ্ৰয় লোৱাৰ কোনো প্ৰয়োজন নাই।'' ছোনিয়া গান্ধীয়ে পেট্ৰ'ল-ডিজেল আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, অৰ্থনীতিৰ অৱস্থা, কৃষক আন্দোলন আৰু লখিমপুৰ খেৰী কাণ্ডক লৈও মোদী চৰকাৰক আক্ৰমণ কৰে।


শেহতীয়াকৈ, জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদ আৰু কপিল ছিবালে চিডব্লিউচিৰ এখন বৈঠক দাবী কৰিছিল। আজাদে ছোনিয়া গান্ধীলৈ চিঠি লিখি দলটোৰ সৈতে সম্পৰ্কিত বিষয়বোৰ আলোচনা কৰিবলৈ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছিল। দলৰ পঞ্জাৱ গোটৰ অস্থিৰতাৰ মাজতে ছিবালে নেতৃত্বকো প্ৰশ্ন কৰিছিল আৰু কৈছিল যে পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব লাগে আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন বৈঠক আহ্বান কৰি সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।


উল্লেখ্য, দীৰ্ঘ সময় ধৰি কংগ্ৰেছ দলটোত এগৰাকী পূৰ্ণ পৰ্যায়ৰ সভাপতি নিযুক্ত কৰা হোৱা নাই। ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত অনুষ্ঠিত যোৱা ৱৰ্কিং কমিটীৰ বৈঠকত দলটোৱে সিদ্ধান্ত লৈছিল যে ২০২১ চনৰ জুন মাহৰ ভিতৰত কংগ্ৰেছৰ এজন নিৰ্বাচিত সভাপতি থাকিব। কিন্তু কোভিড-১৯ পৰিস্থিতিৰ বাবে ১০ মে’ত অনুষ্ঠিত হোৱা ৱৰ্কিং কমিটীৰ ভাৰ্ছুৱেল বৈঠকত এই সভাপতি নিৰ্বাচনৰ বিষয়টো পিছুৱাই দিয়া হৈছিল। জানিব পৰা মতে, ২০২২ বৰ্ষৰ ছেপ্টেম্বৰত অৰ্থাত এবছৰৰ ভিতৰত কংগ্ৰেছৰ সভাপতিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।


এই নিৰ্বাচনতে কংগ্ৰেছৰ এজন পূৰ্ণ পৰ্যায়ৰ সভাপতি নিৰ্বাচিত কৰা হ’ব। লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ পিছত ৰাহুল গান্ধীয়ে পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পিছত ছোনিয়া গান্ধীয়ে ২০১৯ চনৰ আগষ্টত কংগ্ৰেছ দলটোৰ অন্তৰ্ৱৰ্তীকালীন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল।

Published by:Gautam Barman
First published: