কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীয়ে ৰাজধানী দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া সহ দেশৰ অন্যান্য প্ৰান্তত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ক লৈ হৈ থকা হিংসাত্মক প্ৰতিবাদৰ কাৰণে কেন্দ্ৰৰ মোদী চৰকাৰক তীব্ৰ ভৎৰ্সনা কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে ছোনীয়া গান্ধীয়ে মোদী চৰকাৰক সমালোচনা কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিত ছোনীয়া গান্ধীয়ে কয়, চৰকাৰৰ গাদীত বহি থকাসকলে যেতিয়া হিংসাত্মক কাণ্ড সংঘটিত কৰিব, দেশৰ যুৱচামক নিৰ্দয়ভাৱে মাৰধৰ কৰিব, আইন ভংগ কৰিব তেতিয়া দেশখন কেনেকৈ চলিব?
ছাত্ৰ আন্দোলনক লৈ ছোনীয়াই কয়, সমগ্ৰ দেশত ছাত্ৰই আন্দোলন কৰিছে। চৰকাৰে চৰকাৰৰ অত্যাচাৰ, নিবনুৱা সমস্যা, মাচুল বৃদ্ধি, অধিকাৰ খৰ্ব আৰু সংবিধান ভংগৰ বিজেপিৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুৱচাম আৰু ছাত্ৰসমাজে বিক্ষোভ কৰিছে।
লগতে তেওঁ কয়,
![]()
অসম,ত্ৰিপুৰা তথা মেঘালয় জ্বলি আছে। পুলিচৰ গুলীত অসমত চাৰিজন যুৱকৰ মৃত্যু হৈছে। দিল্লীৰ পৰা পশ্চিম বংগলৈকে হিংসা আৰু প্ৰতিবাদ বিয়পি পৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ সাহস নাই যে তেওঁ উত্তৰ পূৱলৈ কৈ ক্ষেত্ৰ নিজে নিৰীক্ষণ কৰিব। আনকি প্ৰথমে বাংলাদেশ আৰু তাৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ বাতিল কৰিছে।
বিভাজনকামী বিজেপি চৰকাৰে সমগ্ৰ দেশৰ যুৱচামক উগ্ৰপন্থী, মাওবাদী আৰু দেশদ্ৰোহী প্ৰমাণিত কৰিবলৈ উঠি পৰি লাগিছে।
ছোনীয়া গান্ধীয়ে চৰকাৰক সকিয়াই কয়, যুৱ শক্তি–ছাত্ৰ শক্তি যেতিয়া জাগ্ৰত হয় তেতিয়া দেশত নতুন পৰিৱৰ্তন আহে। বিজেপিৰ অহংকাৰ তথা আৰক্ষীয়ে লাঠীৰে যুৱচামৰ ওপৰত চলোৱা এই দমনচক্ৰ মোদী চৰকাৰৰ সমাপ্তিৰ পৰিচায়ক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|