
Source-Google
হঠাৎ গুৰুতৰ ভাবে অসুস্থ ছোনিয়া গান্ধী
হঠাৎ গুৰুতৰ ভাবে অসুস্থ ছোনিয়া গান্ধী। সংবাদ সংস্থা ANIৰ সুত্ৰ অনুসৰি ছোনিয়া গান্ধীক দেওবাৰে নতুন দিল্লীৰ গংগাৰাম হস্পাতালত ভৰ্তি কৰা হয়। চিকিৎসালয়ত উপস্থিত হৈছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। জ্বৰ আৰু শ্বাস প্ৰশ্বাস জনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভানেত্ৰী ছোনিয়া গান্ধীক। বিগত বছৰ ৭৩ বছৰীয়া ছোনিয়া গান্ধী স্বাস্থ্য পৰীক্ষা কৰিবলৈ আমেৰিকালৈ গৈছিল। প্ৰায় এসপ্তাহ ধৰি অসুস্থ হৈ থকা ছোনিয়া গান্ধী দেওবাৰে গুৰুতৰ ভাবে অসুস্থ হৈ পৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|