TIKTOK ষ্টাৰে নোৱাৰিলে ভোটাৰৰ মন জয় কৰিব! পৰাজয়ৰ পিছত শোকত ভাগি পৰিল বিজেপিৰ প্ৰার্থী সোণালী ফোগাট

হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ মুখ থেকেচা সোণালী ফোগাট

News18-Assam
Updated:October 24, 2019, 7:05 PM IST
TIKTOK ষ্টাৰে নোৱাৰিলে ভোটাৰৰ মন জয় কৰিব! পৰাজয়ৰ পিছত শোকত ভাগি পৰিল বিজেপিৰ প্ৰার্থী সোণালী ফোগাট
হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ মুখ থেকেচা সোণালী ফোগাট
News18-Assam
Updated: October 24, 2019, 7:05 PM IST
যি সকল Tiktok ত সক্ৰিয়, তেওঁলোকৰ কাৰণে এটা চিনাকী নাম সোণালী ফোগাট। সোণালীৰ Tiktok  ভিডিঅ’ই বহুতকে কৰি আহিছে আকৰ্ষণ। Tiktok ত সোণালী ফোগাটৰ ফ’লৱাৰৰ সংখ্যা প্ৰায় ১.২০ লাখ। এইবাৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে সোণালীক আদমপুৰ সমষ্টিত প্ৰদান কৰিছিল দলীয় প্ৰাৰ্থীত্ব। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নাচী বাগি সকলোৰে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা কৰিছিল সোণালীয়ে। তথাপিও যেন সোণালী ফোগাটে নোৱাৰিলে সমষ্টিবাসীৰ মন জয় কৰিব। নিৰ্বাচনত সোণালী পৰাস্ত হ’ল বিশাল ব্যৱধানত। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী কুলদ্বীপ বৈষ্ণৱে ৬৩,৬৯৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ সোণালী ফোগাটে লাভ কৰে ৩৪,২২২ টা  ভোট।

নিৰ্বাচনত হোৱা পৰাজয়ৰ পিছত এতিয়া শোকত ভাগি পৰিছে ‘TIKTOK ষ্টাৰ’ গৰাকী। ভোটগণনা কেন্দ্ৰৰ বাহিৰত হুক হুকাই কান্দিলে সোণালীয়ে।

সোণালীৰ Tiktok ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি