সাধাৰণতে আমাৰ সমাজত মহিলাসকলক এক আসনত ৰখাৰ প্ৰৱণতা আছে আৰু কোৱাৰ প্ৰৱণতা আছে যে তেওঁলোকৰ প্ৰেমৰ কোনো সীমা নাই আৰু কৰ্তব্যৰো কোনো শেষ নাই। মহিলাসকলে প্ৰায়ে অসুস্থ বা ভাগৰুৱা হ'লেও পৰিয়ালৰ যত্ন ল'ব বুলি আশা কৰা হয়, যিটো অন্যায় হ'ব পাৰে।
এনে এখন ছবিয়েই তোলপাৰ লগাইছে ছ'চিয়েল জগতত। মুখত অক্সিজেন মাস্ক লৈ পাকঘৰত ৰন্ধাত ব্যস্ত থকা এগৰাকী মাতৃৰ ছবি পোষ্ট কৰি এগৰাকী যুৱকে লিখিছিল– 'নিঃচৰ্ত প্ৰেম মানে মা। তেওঁৰ কোনো ছুটী নাই।'
এই পোষ্ট ছ'চিয়েল মিডিয়াৰ মজিয়া পাই মানে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠে ফটোখনক লৈ। ফটো পোষ্ট কৰা যুৱকগৰাকীক নানা কথাৰে ককৰ্থনা কৰাৰ লগতে মাতৃগৰাকীক প্ৰশংসা কৰে। বহুতে আকৌ মহিলাগৰাকী অক্সিজেনৰ সমৰ্থনত থকা বাবে তেওঁ বিশ্ৰাম লোৱাৰ প্ৰয়োজন আছিল, কিন্তু তেওঁক দুখৰ মাজেৰে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল বুলিও উল্লেখ কৰিছে।
কিন্তু ইয়াৰ আঁৰৰ কথাটো কি এতিয়াও জানিব পৰা নাই। কাৰণ আলোকচিত্ৰখনৰ উৎপত্তিস্থল এতিয়াও অস্পষ্ট হৈ আছে আৰু ইয়াৰ সত্যতা সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰা হৈছে।
কিন্তু পোষ্টটোৱে সঁচাকৈয়ে মহিলা, মাতৃ আৰু তেওঁলোকৰ "কৰ্তব্য" সম্পৰ্কে আমাৰ সামাজিক চিন্তাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ সক্ষম হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|