মাতৃৰ বাবে দৰা বিচাৰি ছচিয়েল মিডিয়াত পোষ্ট পুত্ৰৰ, আহিছে ইটোৰ পিছত সিটো ফোন

News18-Assam
Updated:November 20, 2019, 1:26 PM IST
মাতৃৰ বাবে দৰা বিচাৰি ছচিয়েল মিডিয়াত পোষ্ট পুত্ৰৰ, আহিছে ইটোৰ পিছত সিটো ফোন
কেইটামান দিনৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এই পোষ্ট। ফোন আহিছে আমেৰিকা, কানাডা, বাংলাদেশৰ পৰাও।

কেইটামান দিনৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এই পোষ্ট। ফোন আহিছে আমেৰিকা, কানাডা, বাংলাদেশৰ পৰাও।

  • Share this:
পশ্চিম বংগৰ চন্দন নগৰৰ শীতলাতোলা। লোকজনৰ নাম গৌৰৱ অধিকাৰী। ২৬ বছৰীয়া যুৱকজনে ৫ বছৰ পূৰ্বে হেৰুৱাইছিল পিতৃক। অল ইণ্ডিয়া ৰেডিঅ’ত কৰ্মৰত গৌৰৱে অনুভৱ কৰিছিল মাতৃৰ নিসংগতা। স্বামীহাৰা মাতৃৰ শেতা পৰা মুখখনে দুখ দিছিল গৌৰৱক। মাতৃৰ নতুন জীৱনৰ সপোন দেখিছিল গৌৰৱে। মাতৃক সজাই দিব বিচাৰিছিল এখন নতুন সংসাৰ। মাতৃৰ সৈতেও আলোচনা কৰিছিল গৌৰৱে।

অৱশেষত ১০ নৱেম্বৰত জন্মদিনৰ দিনাই মাতৃৰ বাবে পাত্ৰ বিচাৰি ছচিয়েল মিডিয়াত গৌৰৱৰ পোষ্ট। কেইটামান দিনৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এই পোষ্ট। ফোন আহিছে আমেৰিকা, কানাডা, বাংলাদেশৰ পৰাও। কোনোৱে ফোনত গৌৰৱক শুভেচ্ছা জনাইছে, কোনোৱে আকৌ দিছে মাতৃক বিয়াৰ প্ৰস্তাৱ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি