চাকৰি বিচাৰিবলৈ কোৱাৰ বাবেই লাগিল জগৰ, মাতৃক হত্যা কৰি পত্নীৰ সৈতে নিশ্চিন্ত মনে শুই থাকিল পুত্ৰ, পুৱা আৰক্ষীক মাতি কৰিলে নাটক...

News18 Assam | News18-Assam
Updated:June 27, 2020, 11:15 AM IST
চাকৰি বিচাৰিবলৈ কোৱাৰ বাবেই লাগিল জগৰ, মাতৃক হত্যা কৰি পত্নীৰ সৈতে নিশ্চিন্ত মনে শুই থাকিল পুত্ৰ, পুৱা আৰক্ষীক মাতি কৰিলে নাটক...
Source-Google

ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়েৰত।

  • Share this:
চাকৰি নাই, বেকাৰ! যাক লৈ কথা শুনাইছিল মাতৃয়ে। সেই কথাতে মাতৃক নৃশংস ভাবে হত্যা কৰিলে পুত্ৰই। পৰিকল্পনা কৰিয়েই মাতৃক হত্যা কৰিলে বুলি জনাইছে আৰক্ষীয়ে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়েৰত। তদন্তৰ সময়ত স্নিফাৰ ড’গৰ সহায়ত ধৰা হয় হত্যাকাৰী পুত্ৰক। পিছত আৰক্ষীৰ জেৰাত মাতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰে পুত্ৰই।

বুধবাৰে নিশা নৃশংস ভাবে পুত্ৰ জীতেন্দ্ৰই হত্যা কৰে ৰাণু দেৱী নামৰ মাতৃগৰাকীক। নিশা শুই থকা অৱস্থাত কৰে হত্যা। প্ৰথমে মাতৃগৰাকীক মূৰত আঘাত কৰে পুত্ৰই। আৰু ঘটনাস্থলীতে মাতৃগৰাকীৰ মৃত্যু হয়।

পিছত পুৱা শুই উঠি পুত্ৰই ৰচনা কৰিলে এখন নাটক। ঘৰলৈ মাতে আৰক্ষীক। কিন্তু ঘৰৰ দুৱাৰ ভিতৰৰ ফালৰ পৰা বন্ধ আছিল আৰু প্ৰাথমিক তদন্ততে আৰক্ষীৰ সন্দেহ হয় যে, হত্যাকাণ্ডত জড়িত হত্যাকাৰী ঘৰৰ আশে পাশেই থাকিব পাৰে। পিছত ঘৰৰ ভিতৰত যেতিয়া আৰক্ষীৰ দল সোমাই যায়, দেখে যে, ঘৰৰ চাৰিওফালে তেজ।

আৰক্ষীক ঘটনাৰ সন্দৰ্ভত পুত্ৰ জীতেন্দ্ৰই কয় যে, ‘সি পত্নীৰ সৈতে ঘৰৰ ওপৰৰ মহলাত শুই আছিল। কিন্তু শুই থাকোটে কোনো চিঞৰো শুনিবলৈ পোৱা নাছিল। কিন্তু তললৈ নামি আহি দেখে যে, মাতৃৰ মৃতদেহ পৰি আছে।’

লগে লগে আৰক্ষীয়ে ঘটনাস্থলীলৈ লৈ আনে ফৰেনছিক দলৰ লগতে স্নিফাৰ ড’গ। কিছু সময় অনুসন্ধান চলোৱাৰ পিছতে স্নীফাৰ ড’গে হাতত কামুৰি ধৰে জীতেন্দ্ৰৰ। আৰু লগে লগে আৰক্ষীয়ে তালাচী চলোৱাত জীতেন্দ্ৰৰ হাতত ৰেণু দেৱীৰ এদাল চুলি পায়। পিছত আৰক্ষীৰ জেৰাত দোষ স্বীকাৰ কৰে জীতেন্দ্ৰই।

দোষ স্বীকাৰ কৰি জীতেন্দ্ৰই কয় যে, ‘কিছুদিন ধৰি মাতৃয়ে চাকৰিৰ কথা শুনাই আছিল।তাতেই খং উঠি বুধবাৰে নিশা হাতুৰিৰে মাতৃৰ মুৰত আঘাত কৰে। আৰু লগে লগে মাতৃৰ মৃত্যু হয়। পিছত পিন্ধি থকা কাপোৰ, হাতুৰি ধুই দোষৰ পৰা সাৰিবলৈ চেষ্টা কৰে আৰু। পত্নীৰ সৈতে ওপৰৰ মহলাত শুই থাকেগৈ।
First published: June 27, 2020, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading