দৰিদ্ৰতাৰ বাবে মাতৃ বিমলাই পুত্ৰক উপাৰ্জন কৰাৰ কথা কৈছিল। সেইবাবেই মাতৃক হত্যা কৰে লোকজনে।
দৰিদ্ৰতাৰ বাবে মাতৃ বিমলাই পুত্ৰক উপাৰ্জন কৰাৰ কথা কৈছিল। সেইবাবেই মাতৃক হত্যা কৰে লোকজনে।
মধ্য প্ৰদেশৰ খণ্ডৱাত এজন লোকে সাধাৰণ কথাতে মাতৃক হত্যা কৰি ৫ দিনলৈ বাকচত সুমুৱাই ৰাখিলে মৃতদেহ। দুৰ্গন্ধ ওলোৱাৰ পিছত বৃহস্পতিবাৰে নিশা মৃতদেহটো বস্তাত ভৰাই ৰামনগৰত সাই মন্দিৰৰ সমীপৰ এটা নলাত পেলাই দিয়ে। অঞ্চলটোত দুৰ্গন্ধ বিয়পি পৰাত শুকুৰবাৰে পুৱা স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
বিমলা বাই নামৰ মহিলাগৰাকীৰ হত্যাকাণ্ড সন্দৰ্ভত পুত্ৰ সন্তোষ পাটিলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে অঞ্চলটোত থকা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাত নিশা এজন লোকে এটা বস্তা লৈ গৈ থকা প্ৰত্যক্ষ কৰে। অঞ্চলটোৰ একাংশ লোকক সোধা–পোছা কৰাত জানিব পৰা গ’ল যে সেই লোকজনৰ নাম সন্তোষ পাটিল। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাতৃহন্তা সন্তোষক। আৰক্ষীৰ আগত সন্তোষে ১৭ ফেব্ৰুৱাৰীত মৃতক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।
আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা অনুসৰি, টিভিত ‘ক্ৰাইম পেট্ৰ’ল’ ছিৰিয়েল চাই এই ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। দৰিদ্ৰতাৰ বাবে মাতৃ বিমলাই পুত্ৰক উপাৰ্জন কৰাৰ কথা কৈছিল। সেইবাবেই মাতৃক হত্যা কৰে লোকজনে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|