মদ খাবলৈ পইচা নিদিয়াৰ বাবেই ছুৰীৰে হানি–খুচি মাতৃক হত্যা

হত্যাকাণ্ডৰ পিছতে আৰক্ষী থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী পুত্ৰই।

News18-Assam
Updated:July 7, 2019, 3:11 PM IST
মদ খাবলৈ পইচা নিদিয়াৰ বাবেই ছুৰীৰে হানি–খুচি মাতৃক হত্যা
হত্যাকাণ্ডৰ পিছতে আৰক্ষী থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী পুত্ৰই।
News18-Assam
Updated: July 7, 2019, 3:11 PM IST
ৰাজধানী দিল্লীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। দিল্লীৰ মডেল টাউনত বৃদ্ধ মাতৃক ছুৰিঘাত কৰি হত্যা কৰিলে পুত্ৰই। আৰক্ষীয়ে জনোৱা অনুসৰি, সুৰাৰ ৰাগীত মাতাল হৈ মাতৃৰ সৈতে কাজিয়া হৈছিল পুত্ৰৰ। তাৰ পিছতে খঙত পুত্ৰই হত্যা কৰে মহিলাগৰাকীক। হত্যাকাণ্ডৰ পিছতে আৰক্ষী থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী পুত্ৰই।

দীৰ্ঘদিনৰ পৰা সুৰাৰ প্ৰতি আসক্তি থকাৰ কথা হত্যাকাৰী পুত্ৰই আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। শনিবাৰেও সুৰাপান কৰিবলৈ মাতৃৰ পৰা পইচা বিচাৰিছিল পুত্ৰই। কিন্তু মাতৃয়ে বাধা দিয়াত মাতৃৰ সৈতে কাজিয়াত লিপ্ত হয় যুৱকজন। কিন্তু যেতিয়া মাতৃয়ে পইচা দিবলৈ অস্বীকাৰ কৰে তেতিয়া পুত্ৰই খঙত ছুৰীৰে আঘাত কৰে মাতৃক। ঘটনাস্থলীতে মৃত্যু হয় মহিলাগৰাকীৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি