এগৰাকী শিক্ষয়িত্ৰীৰ সৰু পুত্ৰৰ বিবাহৰ ছমাহ পিছতে মৃত্যুবৰণ কৰাৰ পিছত বিধৱা বোৱাৰীক লৈ শিক্ষয়িত্ৰীগৰাকীয়ে কামে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ৰাজস্থানৰ চিকৰ (Sikar in Rajasthan) অঞ্চলৰ এই ঘটনাই শাহু-বোৱাৰীক লৈ থকা মানুহৰ সাধাৰণ ধাৰণাকে প্ৰত্যাহ্বান জনোৱা নাই, প্ৰত্যাহ্বান জনাইছে আমাৰ সমাজত থকা কেইবাটাও ৰক্ষণশীল দিশক।
চৰকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে বোৱাৰী কম বয়সতে বিধৱা হোৱাৰ পিছত সচৰাচৰ ঘটাৰ দৰে আঁতৰাই পঠিওৱা নিছিল, বৰঞ্চ তেওঁক কলেজ-বিশ্ববিদ্যালয়ৰ পঢ়ুৱাই গ্ৰেড ফাৰ্ষ্ট প্ৰবক্তা কৰি তুলিছিল। ইয়াৰ লগতে শাহুৱেকে (Mother in law) কৰিছিল আন এক প্ৰশংসনীয় কাম।
শিক্ষয়িত্ৰী কমলা দেৱীৰ সৰু পুত্ৰ শুভমে পত্নী সুনীতাক লগ পাইছিল এক অনুষ্ঠানত। ইয়াৰ পিছত প্ৰেম। পিছত শুভমে ঘৰত এই কথা কোৱাত সুনীতাৰ বিয়াৰ (Marriage) বাবে কথা পাতিছিল। বিয়াৰ সময়ত সুনীতাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া আছিল। কমলা দেৱীয়ে সুনীতাক যৌতুক অবিহনে তেওঁৰ ঘৰৰ বোৱাৰী কৰি তুলিছিল। শুভম আৰু সুনীতাই ২৫ মে', ২০১৬ত বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ পিছত শুভমে এম বি বি এছ (MBBS) কৰিবলৈ কিৰগিজস্তানলৈ যায়, কিন্তু বৰ্ষটোৰ নৱেম্বৰত ব্ৰেইন ষ্ট্ৰোকত তেওঁৰ মৃত্যু হয়।
কম বয়সতে বিধৱা হোৱা সুনীতাক কমলা দেৱীয়ে মাকৰ ঘৰলৈ যাবলৈ দিয়াৰ সলনি নিজৰ ঘৰতে ৰাখে আৰু পঢ়ুৱাই মেলি প্ৰবক্তা ৰূপে জীৱন পথ আগবঢ়াই দিয়ে। কিন্তু এইখিনিয়েই শেষ কথা নাছিল। কমলা দেৱীয়ে পাঁচ বছৰৰ পিছত সুনীতাক নিজৰ জীয়াৰীৰ দৰে দ্বিতীয়বাৰৰ বাবে বিবাহ পাতি দিয়ে। বিধৱা বোৱাৰী সুনীতাৰ গৌৰৱময় দ্বিতীয় বিবাহে আমাক 'বাবুল' চলচ্চিত্ৰখনৰ কথা মনত পেলাই দিয়ে।
সুনীতাই এই সন্দৰ্ভত কয় যে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত শাহুৱেকে তেওঁক ছোৱালীৰ দৰে মৰম দিছিল। শাহুৱেকে তেওঁক দ্বিতীয়বাৰৰ বাবে মুকেশ নামৰ এগৰাকী যুৱকৰ সৈতে বিবাহ অনুষ্ঠিত কৰি নতুন জীৱন আৰম্ভ কৰি দিলে। কন্যাদানো কৰিছিল নিজ কন্যাৰ দৰে। সুনীতাৰ স্বামী মুকেশে বৰ্তমান ভূপালত চিএজি অডিটৰ হিচাপে কাম কৰি আছে। মুকেশৰ পৰিয়ালত তেওঁৰ পিতৃ-মাতৃ আৰু ভায়েক আছে, যি চিকৰৰ চান্দপুৰা গাঁৱত বাস কৰে। মুকেশে প্ৰথমে পিপ্ৰালী গাঁৱৰ বাসিন্দা এএছআই সুমন বাগাডিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যি পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|