শ্মশানত পৰি ৰ’ল মাতৃৰ মৃতদেহ, শেষকৃত্য কৰিবলৈ নগ’ল পুত্ৰ, কাৰণ জানিলে আচৰিত হ’ব

News18 Assam | News18-Assam
Updated:February 25, 2020, 2:17 PM IST
শ্মশানত পৰি ৰ’ল মাতৃৰ মৃতদেহ, শেষকৃত্য কৰিবলৈ নগ’ল পুত্ৰ, কাৰণ জানিলে আচৰিত হ’ব
পুত্ৰই মুখাগ্নি কৰিবলৈ নোযোৱাৰ বাবে তিনি ঘণ্টা শ্মশানতে পৰি ৰ’ল মাতৃৰ মৃতদেহ। অৱশেষত আত্মীয়ই কৰিলে শেষকৃত্য

পুত্ৰই মুখাগ্নি কৰিবলৈ নোযোৱাৰ বাবে তিনি ঘণ্টা শ্মশানতে পৰি ৰ’ল মাতৃৰ মৃতদেহ। অৱশেষত আত্মীয়ই কৰিলে শেষকৃত্য

  • Share this:
পাৰিবাৰিক অশান্তিৰ বাবে আত্মহত্যা এগৰাকী মহিলাৰ। দেওবাৰে সন্ধিয়া নিজ ঘৰতে চিপ লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ পিতৃ গৃহৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীৰ স্বামীক। কিন্তু পিতৃক বিনা অপৰাধত গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি মাতৃৰ শেষকৃত্য নকৰিলে পুত্ৰই।

ফলত তিনি ঘণ্টা শ্মশানতে পৰি ৰ’ল মৃতদেহ। আৰক্ষীয়েও বাৰে বাৰে শেষকৃত্য কৰিবলৈ কৈছিল পুত্ৰক। কিন্তু পিতৃক মুকলি কৰি নিদিলে মাতৃৰ শেষকৃত্য নকৰে বুলি জনাই পুত্ৰই। উপায়ন্ত হৈ পিছত আত্মীয়ই কৰে শেষকৃত্য।

মহিলাগৰাকীৰ নাম ইতি দেবী। শৈলেন দে নামৰ এজন লোকৰ সৈতে ১৪ বছৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল ইতি। তেওঁলোকৰ আছে এটা ১২ বছৰীয়া পুত্ৰ সন্তান। কিন্তু বিয়াৰ পিছৰ পৰাই এগৰাকী যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল ইতিৰ। তাকে লৈ ঘৰখনত অশান্তি। ইয়াৰ পিছতো যুৱকজনৰ সৈতে সম্পৰ্ক এৰিব খোজা নাছিল ইতিয়ে। ফলত দিনে দিনে ঘৰখনৰ বাহি গৈছিল পাৰিবাৰিক অশান্তি। আৰু অৱশেষত দেওবাৰে চিপ লৈ নিজ ঘৰতে আত্মহত্যা কৰে ইতি দেৱীয়ে। ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগত।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading