সময় নষ্ট নকৰাকৈ ঠাকুৰে মাইক্ৰ'ফোনৰ কাষলৈ গৈ বিমানখন তেওঁৰ বাবে কিয় বিশেষ আছিল সেই বিষয়ে বৰ্ণনা কৰিছিল।-"শুভ সন্ধিয়া, এয়া আপোনাৰ প্ৰথম বিষয়া অমৰ ঠাকুৰ। মই অনুগ্ৰহ কৰি কিছু সময়ৰ বাবে আপোনাৰ এটা কথা কব পাৰোনে? আমি সকলোৱে জানো যে, এইটো আজিৰ দিনটো অতি বিশেষ যিহেতু আজি মাতৃ দিৱস। মইও এই দিনটোত মোৰ মাক এটা সৰু উপহাৰ দিব বিচাৰো," তেওঁ কয়।
পাইলটজনে কৈছিল যে, জীৱনৰ ২৫টা বছৰৰ বিভিন্ন সময়ত তেওঁৰ পাইলট মাতৃৰ সৈতে বিমানত উঠি আহিছে এগৰাকী যাত্ৰী হিচাপে। কিন্তু এতিয়া একেখন বিমানতে মাতৃৰ সৈতে সহ-পাইলট হিচাপে সেৱা আগবঢ়াবলৈ গৈ আছে। পুত্ৰৰ এনে আবেগভৰা কথা শুনি চকুপানী ৰখাব নোৱাৰিলে মাতৃয়ে।
ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে মাতৃ-পুত্ৰৰ এই ভিডিওটো।