প্ৰেমত যাতে ভুল হৈ নাযায়...

News18 Assam | News18-Assam
Updated:February 7, 2020, 2:00 PM IST
প্ৰেমত যাতে ভুল হৈ নাযায়...
সম্পৰ্কৰ পৱিত্ৰতা ৰক্ষা আৰু অন্যান্য।

সম্পৰ্কৰ পৱিত্ৰতা ৰক্ষা আৰু অন্যান্য।

  • Share this:
ঋতুপ্ৰাপ্ত হোৱাৰ বয়সত প্ৰত্যেকেই বহুতো শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰ মাজেৰে পাৰ হ’বলগীয়া হয়। এই বয়সত বিপৰীত লিংগৰ সৈতে আটাইতকৈ ঘনিষ্ঠভাৱে মিলা–মিছা কৰাৰ সুযোগ আহে পৰিয়াল আৰু বন্ধুবৰ্গৰ পৰা। যৌনতা আমি মুকলিকৈ কথা পতা বিষয় নহয়। অনভিজ্ঞ বন্ধু আৰু ইণ্টাৰনেটৰ জৰিয়তে সুলভ হোৱা অৰ্ধ সত্যৰে পূৰ্ণ তথ্যবোৰৰ কাৰণে এই বয়সত কৌতুহল চৰম শিখৰত থাকে। নিজৰ পৰিয়ালৰ ঘনিষ্ঠৰ সৈতে কল্পনাৰ সাগৰত ডুব যোৱাটো মানৱ সভ্যাতাৰ আৰম্ভনিৰ পৰাই বিৰাজমান। প্ৰাচীন ইজিপ্তত পৰিয়ালৰ মাজতে বিয়া বাৰু সম্পন্ন হৈছিল তেজৰ বিশুদ্ধতা ৰক্ষাৰ কাৰণে। সভ্যতাৰ বিকাশৰ লগে লগে আমাৰ বিয়া আৰু পৰিয়াল ব্যৱস্থাৰ অধিক উন্নতি সাধন হয়। পৰিয়ালৰ আত্মীয়ৰ সৈতে কল্পনা কৰাৰ প্ৰৱণতা দূৰ নহ’লেও ঘনিষ্ঠ আত্মীয়ৰ মাজত যৌন সম্বন্ধ কৰাৰ ক্ষেত্ৰত সামাজিক বাধা–নিষেধ আহি পৰিল।

"মই প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিঙৰ কাৰণে দিল্লীলৈ আহি ভগ্নীৰ সৈতে থাকিবলৈ লওঁতে তেওঁ চাকৰি কৰি আছিল। শাৰীৰিকভাৱে নিকট হোৱাৰ কাৰণে কথাবোৰ আওতাৰ বাহিৰলৈ যাবলৈ ধৰে। এটা সম্বন্ধ ভঙাৰ কাৰণে এদিন তেওঁ সুৰাপাণ কৰি আছিল মোকো প্ৰথমবাৰৰ কাৰণে সুৰাপাণ কৰিবলৈ দিয়ে। মোৰ বয়স তেতিয়া ১৮বছৰ। সেই নিশা আমি যৌন সম্পৰ্কত লিপ্ত হওঁ আৰু তাৰ পিছতো বহুবছৰ আমাৰ সম্বন্ধ অব্যাহত থাকে। তেওঁ এতিয়া বিবাহিত আৰু দেশৰ বাহিৰত থাকে। মই এতিয়াও কথাবোৰ পাহৰিবলৈ চেষ্টা কৰি আছো।"–অমন (নাম সলনি কৰা হৈছে), ২৫বছৰ, সমাজ কৰ্মী, লক্ষ্নৌ।

হিন্দুসকলৰ মাজত বহু পুৰুষলৈকে আত্মীয়ৰ মাজত যৌন সম্বন্ধ নিষিদ্ধ। মুছলিম আৰু কেতবোৰ জনজাতিৰ মাজত অৱশ্যে মাতৃৰ ফালৰ পৰা পঞ্চম আৰু পিতৃৰ ফালৰ পৰা সপ্তম বংশধৰৰ মাজত বৈবাহিক সম্পৰ্ক অনুমতি প্ৰাপ্ত। এইক্ষেত্ৰত বিজ্ঞানৰ দৃষ্টিৰে ক’বলৈ গ’লে নিকট জেনেটিক সম্পৰ্কৰ মাজত বৈবাহিক সম্পৰ্কৰ ফলত জন্ম হোৱা শিশুৰ মাজত বংশানুক্ৰমিক ৰোগ, বিকলাংগতা আৰু মৃত্যুৰ হাৰৰ আশংকা অধিক হয়। সামাজিক আৰু নৈতিক হকা বধা আৰু পৱিত্ৰতাৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি বিবাহিত দম্পত্তিৰ বাহিৰে আনৰ মাজত যৌন সম্পৰ্ক আমাৰ সমাজত নিষিদ্ধ।

“মই উচ্চ শিক্ষাৰ কাৰণে এখন ডাঙৰ চহৰলৈ যাবলগীয়া হ’ল। মোৰ দেউতাৰ সম্পৰ্কীয় ভাতৃজনে সেই সময়ত তাত কাম কৰি আছিল আৰু মোৰ খুৰা মোতকৈ ১০বছৰে ডাঙৰ আছিল। নতুন চহৰত তেওঁ মোৰ কাৰণ ডাঙৰ সকাহ হৈ পৰে আৰু ক’ব নোৱাৰাকৈ আমি ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হও। তেওঁ বিবাহিত হোৱা স্বত্তেও আমি সম্পৰ্কত বান্ধ খাই পৰো। আমাৰ মাজত এতিয়াও ‘সম্বন্ধ’ আছে। মই এতিয়াও অবিবাহিত আৰু এনেকৈ ৫বছৰ পাৰ হ’ল।” –আৰাধনা, ২৩, যোগ প্ৰশিক্ষক, ফৰিদাবাদ।

এনেকুৱাও বহুত লোক আছে যি নিজৰ এজন অভিভাৱকৰ প্ৰতি আসক্ত। বহুতেই মুখ ফুটাই নক’ব কাৰণ এই‍বোৰৰ সৈতে প্ৰচুৰ পৰিমাণ ভয় আৰু লাজৰ কথা জৰিত হৈ আছে। বিখ্যাত মনোৰোগ বিশেষজ্ঞ ছিগমাণ্ড ফ্ৰয়েডে কৈছিল যে, শৈশৱত পৰিয়ালৰ সদস্যসকলে ইজনে সিজনৰ প্ৰতি আসক্তি অনুভৱ কৰে। ইয়াক তেওঁ ইডিপাছ কমপ্লেক্স আখ্যা দিছিল। গ্ৰীক ৰজা ইডিপাছে নিজৰে মাতৃক বিয়া কৰাই সন্তান জন্ম দিয়াৰ কাৰণে তেওঁৰ নামত এই জটিলতাৰ নামাকৰণ কৰা হৈছে। তেওঁ লগতে কৈছিল যে এনেধৰণৰ সম্পৰ্ক প্ৰতিৰোধ কৰিবলৈ সমাজে কেতবোৰ বাধা–নিষেধ আৰোপ কৰা উচিত।

পৰ্ণ বা যৌন উত্তেজক ছাইটবোৰত বৌয়েক জাতীয় সম্পৰ্কৰ ব্যক্তিৰ সৈতে যৌন ক্ৰিয়াত লিপ্ত হোৱাৰ কেটেগৰীও থাকে। ইয়াৰে আটাইতকৈ সুলভ হৈছে বৌয়েক। বৌয়েক সাধাৰণতে ককায়েকৰ পত্নীৰ লগতে চিনাকী যিকোনে ব্যক্তিৰ পত্নী হ’ব পাৰে। বিবাহ বহিৰ্ভূত এই নিষিদ্ধ সম্পৰ্কৰ প্ৰতিও বহুতৰে ধাউতি। ভাৰতৰ দুখন অতি জনপ্ৰিয় যৌন উত্তেজক কমিক গ্ৰন্থ হৈছে সবিতা ভাবী আৰু ভেলাম্মা। এই দুইখনতে বিবাহিতা মহিলাক কল্পনাপ্ৰসুত ৰঙেৰে সজোৱা হৈছে। সবিতা ভাবীৰ চৰিত্ৰ যুৱপ্ৰজন্মৰ মাজত এক অনলাইন চাৰ্ভেৰ পিছত সৃষ্টি কৰা হৈছিল। বেছিভাগেই এই চৰিত্ৰটো নতুনকৈ বিয়া হোৱা মহিলাৰ ৰূপত বৰ্ণাইছিল। হয়তো এনেকুৱা বহুতো যুৱপ্ৰজন্মৰ পুৰুষ বা মহিলা আছে যিয়ে এনেধৰণৰ কল্পনাৰ প্ৰতি আকৃষ্ট হয়। যৌন উত্তেজক কাহিনী আৰু ভিডিওবোৰত এনেধৰণৰ থীমেই থাকে। গতিকে আপুনি কেনেকৈ গম পাব যে আপোনৰ পৰিয়ালৰ সদস্যৰ বিষয়ে অকণমান ‘অসভ্য’ চিন্তা মনলৈ কেনেবাকৈ অহাৰ কথাও কেনেকৈ জানিব? আপুনি যদি এটা উত্তেজক সপোন দেখিছে, সাৰ পাই অসহজ অনুভৱ কৰিছে আৰু ‘নিষিদ্ধ’ কোনো আত্মীয়ৰ সৈতে যৌন ক্ৰিয়াত অংশ লোৱাৰ কথা দেখা পাই ঘামি–জামি সাৰ পাই গৈছে। আপুনি গম পাই গৈছে যে এইজন ব্যক্তিৰ বিষয়ে আপুনি জোখতকৈ অধিক চিন্তা কৰি আছে আৰু অকণমান শাৰীৰিক স্পৰ্শ বা বিশেষ মনোযোগ পাবলৈ উদ্বাউল হৈ আছে। এই ধৰণৰ ভাৱনা কাৰ সৈতে আৰু কি কাৰণে আহে সেয়া জনোৱাটো অসম্ভৱ। কেতবোৰ সম্পৰ্কৰ সৈতে যৌন সম্পৰ্ক কৰাৰ কাৰণে সমাজে অনুমতি নিদিয়ে। কিন্তু এইসকলোবোৰ বাধা–নিষেধৰ মাজতে আপোনাৰ অন্তৰৰ কামনা–ভাৱনা জাগ্ৰত হ’ব পাৰে। এইক্ষেত্ৰত এটা কথাই মনত ৰখা ভাল যে কল্পনাৰ জগতখন কেৱল আপোনাৰ হ’লেও এই সকলোবোৰ কথা বাস্তৱত কৰিবলৈ বিচাৰিব নালাগে। আমি নভবা–নিচিন্তাকৈ কাৰোবাৰ প্ৰতি অনুৰক্ত হ’ব পাৰো কিন্তু হক কথা এয়াই যে, এইক্ষেত্ৰত সন্মতি থকাৰ লগতে কোনো ধৰণৰ হিংসা জৰিত হৈ থাকিব নালাগে।

লেখিকা–পূজা প্ৰিয়ম্বদা হৈছে Redwomb নামৰ লজ্জা দূৰ কৰাৰ অনলাইন প্লেটফ’ৰ্মৰ লিখা মেলা কৰা লেখিকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি