একাংশই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে সংবাদমাধ্যমক, এই সন্দৰ্ভত NBAৰ গুৰুত্বপূৰ্ণ জাননী

News18 Assam | News18-Assam
Updated:April 6, 2020, 3:05 PM IST
একাংশই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে সংবাদমাধ্যমক, এই সন্দৰ্ভত NBAৰ গুৰুত্বপূৰ্ণ জাননী
নিউজ ব্ৰডকাষ্ট এছ’চিয়েছনৰ গুৰুত্বপূৰ্ণ জাননী

নিউজ ব্ৰডকাষ্ট এছ’চিয়েছনৰ গুৰুত্বপূৰ্ণ জাননী

  • Share this:
নিউজ ব্ৰডকাষ্ট এছ’চিয়েছনৰ গুৰুত্বপূৰ্ণ জাননী। বৰ্তমান সমাজত এটা বিশেষ শ্ৰেণীৰ মানুহে বিভিন্ন সংবাদ মাধ্যমত  কৰ্মৰত এংকৰ আৰু সংবাদ কৰ্মী সকলক ভাবুকি আৰু আক্ৰমণ কৰা বিষয়টোক গুৰুত্ব সহকৰে লৈছে NBAএ।

উল্লেখযোগ্য যে, কোৰোণা ভাইৰাছত নিজামুদ্দিনৰ জামাতলৈ যোৱা একাংশ লোক আক্ৰান্ত হোৱাৰ খবৰ নিউজ চেনেলবোৰতত প্ৰচাৰ হোৱাৰ পিছতে পৰা একাংশই এতিয়া লক্ষ্য কৰি লৈছে সংবাদমাধ্যমৰ কৰ্মীক। আনকি কোৰোণা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ সন্দৰ্ভত সংবাদমাধ্যমে পৰিবেশন কৰা বাতৰিৰ পিছতে এতিয়া সমাজৰ এটা বিশেষ শ্ৰেণীয়ে প্ৰত্যক্ষ ভাবে আক্ৰমণ কৰিছে সংবাদ কৰ্মীসকলক। যি অতি উদ্বেগজনক। এতিয়া এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে নিউজ ব্ৰডকাষ্ট এছ’চিয়েছনে। NBAএ এই ক্ষেত্ৰত সোনকালে উচিত ব্যৱস্থা ল’বলৈও দাবী জনাইছে।
Published by: Himangshu Bhuyan
First published: April 6, 2020, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading