খাতীপুৰাস্থিত ধৰ্মশালাৰ সমীপত ঘাইপথত এখন গাড়ীৰ পৰা প্ৰায় ৬,৪৮০ টকাৰ নোট পেলাই দিয়ে।
খাতীপুৰাস্থিত ধৰ্মশালাৰ সমীপত ঘাইপথত এখন গাড়ীৰ পৰা প্ৰায় ৬,৪৮০ টকাৰ নোট পেলাই দিয়ে।
কোৰোণা ভাইৰাছৰ সৈতে যুঁজি আছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতো। এনে পৰিস্থিতিৰ মাজতো একাংশ লোকে মানুহক ভয় খুৱাবলৈ কৰিছে কেতবোৰ আচহুৱা কৰ্মকাণ্ড। ইন্দোৰত কোনো অজ্ঞাত লোকে চলন্ত গাড়ীৰ পৰা ৫০০, ২০০ আৰু ১০০টকীয়া নোট পথৰ ওপৰত পেলাই দিয়ে আৰু আঁতৰি যায়। পথৰ ওপৰত নোট পেলাই থৈ যোৱা এই ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ। কোৰোণা সংক্ৰমণৰ আশংকাত পথত পেলাই থৈ যোৱা নোটসমূহৰ পৰা দূৰত্ব বজাই ৰাখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সকলো নোট শিলেৰে ঢাকি দিয়ে আৰু নগৰ নিগমৰ কৰ্মীয়ে ছেনিটাইজ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে নোটসমূহ জব্দ কৰে। আৰক্ষীয়ে তাত উপস্থিত থকা একাংশ লোককো সোধা–পোছা কৰে, কিন্তু কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহ’ল। খাতীপুৰাস্থিত ধৰ্মশালাৰ সমীপত ঘাইপথত এখন গাড়ীৰ পৰা প্ৰায় ৬,৪৮০ টকাৰ নোট পেলাই দিয়ে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|