মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»PM Narendra Modi Birthday: একালত অভিনয়ৰ সাংঘাতিক চখ আছিল নৰেন্দ্ৰ মোদীৰ

PM Narendra Modi Birthday: একালত অভিনয়ৰ সাংঘাতিক চখ আছিল নৰেন্দ্ৰ মোদীৰ

News18-Assam
Updated:September 17, 2019, 11:35 AM IST
PM Narendra Modi Birthday: একালত অভিনয়ৰ সাংঘাতিক চখ আছিল নৰেন্দ্ৰ মোদীৰ
নিজৰ গ্ৰন্থত প্ৰধানমন্ত্ৰীজনে স্কুলীয়া দিনক মনত পেলাই লিখিছিল, মই এটা বিশেষ ডায়লগ দিব লগীয়া আছিল, কিন্তু মই সংঘৰ্ষ কৰিবলগীয়া হৈছিল। এইকাৰণে নাটকৰ পৰিচালক অধৈয্য হৈ পৰিছিল। 

নিজৰ গ্ৰন্থত প্ৰধানমন্ত্ৰীজনে স্কুলীয়া দিনক মনত পেলাই লিখিছিল, মই এটা বিশেষ ডায়লগ দিব লগীয়া আছিল, কিন্তু মই সংঘৰ্ষ কৰিবলগীয়া হৈছিল। এইকাৰণে নাটকৰ পৰিচালক অধৈয্য হৈ পৰিছিল। 

  • News18 Assam
  • Last Updated: September 17, 2019, 11:35 AM IST
  • Share this:
বিশ্বজুৰি ক্ৰমাৎ অতি জনপ্ৰিয় নেতাৰূপে উদ্ভাসিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি জন্মদিন। ১৯৫০চনৰ আজিৰ দিনটোত জন্ম হোৱা নৰেন্দ্ৰ মোদী ৬৯বছৰীয়া হ’ল।

সফল ৰাজনীতিবিদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে বহু কম লোকেইহে জানে যে তেওঁৰ স্কুলীয়া দিনত নাটক আৰু অভিনয়ৰ কিমান চখ আছিল। তেওঁ জীৱনৰ এই বিশেষ দিশটোৰ বিষয়ে,  ‘The man of the moment: Narendra Modi by MV Kamath and kalindi Randeri’ নামৰ গ্ৰন্থত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখা কিতাপ ‘এগজাম ৱাৰিয়ৰ’তো তেওঁ নিজে এই বিষয়ে উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্কুলীয়া দিনত নাটকত অভিনয় কৰিছিল

নিজৰ কিতাপত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, মই এটা বিশেষ ডায়লগ দিব লগীয়া আছিল,
কিন্তু মই সংঘৰ্ষ কৰিবলগীয়া হৈছিল। এইকাৰণে নাটকৰ পৰিচালক অধৈয্য হৈ পৰিছিল। তেওঁ মোক জনাই দিছিল যে যদি মই এনেকৈ সংলাপ কওঁ তেনেহ’লে তেওঁ মোক নিৰ্দেশনা নিদিয়ে। পিছদিনা মই তেওঁক সেই দৃশ্যটো কৰি দেখুৱাবলৈ কলো, তেওঁ যেতিয়া সেই দৃশ্যটো কৰি দেখুৱালে তেতিয়া মই বুজি পালো যে মোৰ ক’ত ভুল হৈছিল।


জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীজনে নিজৰ মাতৃৰ আশীৰ্বাদ লৈ গান্ধীনগৰৰ পৰা নৰ্মদা জিলালৈ যাব য’ত তেওঁ ষ্টেচ্যু অৱ ইউনিটী আৰু চৰদাৰ সৰোবৰ বান্ধৰ প্ৰস্তুতিৰ বুজ ল’ব। ইয়াৰ পিছত তেওঁ দত্তাত্ৰেয় মন্দিৰলৈ যাব, এখন গাঁৱত সভা সম্বোধন কৰিব লগতে ‘নমামি নৰ্মদে মহোৎসৱ’ৰ আৰম্ভনিও কৰিব।

ইয়াৰ ওপৰিউ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেওঁৰ সামাজিক কাৰ্যৰ সৈতে জৰিত কেইবাখনো প্ৰদৰ্শনীও লগোৱা হৈছে। কেবাখনো স্কুলত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তেওঁৰ গৃহজিলা বডনগৰত বাইক ৰেলীৰো আয়োজন কৰা হৈছে। বিজেপিয়ে প্ৰধানমন্ত্ৰীজনৰ জন্মদিনৰ কাৰণে সেৱা সপ্তাহ কাৰ্যসূচীৰ আয়োজন কৰিছে।
First published: September 17, 2019, 9:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি