প্রধানমন্ত্রী নৰেন্দ্র মোদী (PM Narendra Modi)য়ে আজি কয় যে চৰকাৰে আৰম্ভ কৰা কিছুমান সংস্কাৰ প্রথম অৱস্থাত অন্যায় যেন লাগিব পাৰে কিন্তু পৰৱর্তী সময়ত দেশৰ বাবে লাভৱান হয়৷ চৰকাৰৰ নতুন অগ্নিপথ (Agnipath) সামৰিক নিযুক্তি আঁচনিৰ বিৰুদ্ধে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ মাজতে মোদীৰ এই মন্তব্য। কিন্তু ভাষণ কালত প্ৰধানমন্ত্ৰীয়ে এই আঁচনিৰ কোনো উল্লেখ নকৰিলে।
“বৰ্তমানৰ সময়ত আমাৰ কিছুমান পদক্ষেপেই হয়তো তিক্ত যেন লাগিব পাৰে। কিন্তু, অনাগত দিনত এইবোৰে ভাল ফল দিব।’- বেংগালুৰুত এক জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে ব্যক্তিগত খণ্ডটোও চৰকাৰী খণ্ডৰ দৰেই গুৰুত্বপূৰ্ণ কাৰণ দুয়োটাই সমান সুযোগ প্ৰদান কৰে। “কিন্তু, মানুহৰ মানসিকতা সলনি হোৱা নাই। তেওঁলোকে ব্যক্তিগত উদ্যোগৰ কথা ইমান ভালকৈ নকয়।’-প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
ইয়াৰ পূৰ্বে আজি দুদিনীয়া ভ্ৰমণসূচীৰে বেংগালুৰুত উপস্থিত হয় মোদী। কৰ্ণাটকৰ ৰাজধানীত মোদীয়ে ২৮ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
১৪ জুনত ঘোষণা কৰা অগ্নিপথ আঁচনিখন (Agnipath Scheme)ত চাৰে ১৭ বছৰৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীক মাত্ৰ চাৰি বছৰৰ বাবে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰে ২৫ শতাংশ যুৱকক আৰু ১৫ বছৰ ধৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী সময়ত চৰকাৰে ২০২২ চনত নিযুক্তিৰ বাবে উচ্চ বয়সৰ সীমা ২৩ বছৰলৈ বৃদ্ধি কৰে। কেন্দ্ৰৰ এই আঁচনিৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যত প্ৰতিবাদৰ সৃষ্টি হৈছে।
দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে (Defense Ministry) এই আঁচনিখন বাতিল কৰিবলৈ অস্বীকাৰ কৰি দৃঢ়তাৰে কয় যে এতিয়াৰ পৰা সশস্ত্ৰ বাহিনীত নিযুক্তি কেৱল অগ্নিপথ আঁচনিৰ জৰিয়তেহে হ’ব। ইয়াৰ উপৰিও স্পষ্ট কৰি দিয়া হৈছে যে ‘অগ্নিবীৰ’ (Agniveer)সকলে বৰ্তমান সেৱা আগবঢ়োৱা নিয়মীয়া সৈনিকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য ছিয়াচেন আৰু অন্যান্য অঞ্চলত একে ভাট্টা লাভ কৰিব আৰু যদিহে জোৱানগৰাকী শ্বহীদ হয় তেন্তে ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব ।