পানীৰ সংকট দূৰ কৰিবলৈ সমাজে দৃঢ়তাৰে কাম কৰিব লাগিব, অন্যথা বিপৰ্যয় অনিবাৰ্য

কিন্তু যেতিয়ালৈ আমাৰ মানসিকতাৰ পৰিৱৰ্তন নহয়, তেতিয়ালৈ কেৱল আইনৰ দ্বাৰা এয়া সম্ভৱ নহয়।

News18-Assam
Updated:August 26, 2019, 1:59 PM IST
পানীৰ সংকট দূৰ কৰিবলৈ সমাজে দৃঢ়তাৰে কাম কৰিব লাগিব, অন্যথা বিপৰ্যয় অনিবাৰ্য
কিন্তু যেতিয়ালৈ আমাৰ মানসিকতাৰ পৰিৱৰ্তন নহয়, তেতিয়ালৈ কেৱল আইনৰ দ্বাৰা এয়া সম্ভৱ নহয়।
News18-Assam
Updated: August 26, 2019, 1:59 PM IST
সমগ্ৰ দেশত বৰ্তমান জল সংকট, দূষিত হৈছে পৰিৱেশ। পৃথিৱীক ৰক্ষা কৰিবলৈ আমি সকলোৱে ওলাই অহা প্ৰয়োজন। কিন্তু এয়া কিদৰে সম্ভৱ? এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ন্যায়াধীশ অৰিজিত পছায়তে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বজুৰি কমেও ২ বিলিয়ন মানুহ খোৱাপানীৰ বাবে দূষিত উৎস ব্যৱহাৰ কৰিবলৈ বাধ্য হয় আৰু তেওঁলোকৰ সকলোৱে পানী পৰা হ’বপৰা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।

উচ্চতম ন্যায়ালয়ে বহু আগতেই কৈছে যে বিশুদ্ধ খোৱাপানী জীৱনৰ এক মৌলিক অধিকাৰৰ অংশ। সংবিধানৰ ২১নং অনুচ্ছেদত মৌলবিক অধিকাৰ বৰ্ণা কৰা হৈছে আৰু সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে যদি কোনো লোক বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়, তেন্তে সেই অধিকাৰৰ কোনো অৰ্থই নাথাকিব।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সমগ্ৰ বিশ্বজুৰি কমেও ২ বিলিয়ন (২০০ কোটি) মানুহ দূষিত উৎসৰ পানী ব্যৱহাৰ কৰিবলৈ বাধ্য হয় আৰু সেই লোকসকল পানীৰ পৰা হ’বপৰা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। ৯০ৰ দশকত ওড়িশাৰ ওপৰত প্ৰস্তুত কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে সেই অঞ্চলত মানুহে যি পানী খোৱাৰ বাবে ব্যৱহাৰ কৰে সেই পানী গা ধোৱা আৰু খোৱাৰ বাবে ব্যৱহাৰৰ অনুপযুক্ত। সেই পানী ব্যৱহাৰৰ ফলত চৰ্মৰোগৰ উপসৰ্গই দেখা দিছিল।

যদিও অতীতৰ কথা ভাবি এতিয়া কোনো লাভ নাই, তথাপি এতিয়া সময় আহি পৰিছে সন্মুখৰ দিশে আগবঢ়াৰ। কিদৰে ভৱিষ্যতে আমাৰ পৰিৱেশ অধিক ক্ষতিৰ পৰা ৰক্ষা কৰা সম্ভৱ তাৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন।

কিদৰে পানী সংৰক্ষণ কৰিব পাৰি আৰু কিদৰে পানীৰ প্ৰদূষণ ৰোধ কৰিব পাৰি, এই সমস্যাৰ সমাধান নকৰা মানে আমি লাহে লাহে এক বিপৰ্যয়ৰ দিশে আগুৱাই যাম। এই বিপৰ্যয়ৰ পৰা হাত সাৰিবলৈ সকলো একগোট হৈ আগুৱাই আহিব লাগিব। ‘কাবেৰী কলিং’ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দৃষ্টান্ত যাৰ জৰিয়তে বিভিন্ন সম্প্ৰদায়ৰ লোকে কিদৰে একত্ৰিত হৈ আগুৱাই আহিব পাৰে। কাৰণ, এইধৰণৰ উদ্যোগৰ উদ্দেশ্য কেৱল মাত্ৰ প্ৰাকৃতিক সম্পদ ৰক্ষা কৰাই নহয়, এয়া যদি সফল হয় তেন্তে সেয়া অৰ্থনৈতিক দিশৰ পৰাও লাভজনক হ’ব সেইসকল মানুহ, যিসকলে নদী আৰু নদীৰ পৰা অহা সম্পদৰ ওপৰত ভৰসা কৰি জীৱন নিৰ্বাহ কৰে। এতিয়া বিশ্বজুৰি এই সচেতনতা আহিছে যে পানীৰ ঘাটি পূৰ্ণ কৰাৰ প্ৰাথমিক উপায় হ’ল গছপুলি ৰোপণ।

বিগত কেইবাবছৰ ধৰি, জলবায়ু পৰিৱৰ্তনৰ কথা শুনি আহিছো। এয়া হোৱাৰ কাৰণ কি? ইয়াৰ কাৰণ হ’ল পৃথিৱীত দ্ৰুতগতিত হ্ৰাস পাইছে সেউজ বননি। এসময়ত গছ প্ৰতিপালনত ইউথ’পিয়া আছিল সকলোতকৈ আগত, কিন্তু এতিয়া এখন বিশাল মৰুভূমিত পৰিণত হৈছে। কিয়? কাৰণ অধিকসংখ্যক গছ কাটি ৰপ্তানি কৰা হৈছে কাঠ। প্ৰতিদিনে আনুমানিক ৩০০ জাহাজ কাঠ ৰপ্তানি কৰাৰ বাবে দেশখনৰ পৰা বাহিৰলৈ পঠিওৱা হয়। ফলত দেশখন মৰুভূমিত পৰিণত হৈছে।

সেয়েহে ‘পৰিৱেশ সংৰক্ষণ’ আৰু ‘বহন ক্ষমতাৰ উন্নয়ন’ আদিবোৰ শব্দ আমাৰ শব্দ তালিকাৰ পৰা উঠি দৈনন্দিত জীৱনৰ অংগ হৈ পৰিছে। আমাৰ শিল্পক বাদ দিব নোৱাৰো। দেশে সেই সামগ্ৰীসমূহেই ৰপ্তানি কৰিব যিসমূহে তেওঁলোকৰ দেশৰ বাবে অৰ্থনৈতিক দিশ টনকিয়াল কৰিব। কিন্তু বহন ক্ষমতাৰ উন্নয়ন হ’ল এক নীতিবাক্য। সেই কাৰণেই আমি ‘ৰেলী ফৰ ৰিভাৰ্ছ’ বা ‘কাবেৰী কলিং’ৰ দৰে অভিযানক সমৰ্থন কৰো কাৰণ এই অভিযান অৰ্থনীতি আৰু পৰিস্থিতিতন্ত্ৰৰ পৰিপূৰক হিচাপে কাম কৰে আৰু এয়া হোৱা উচিত।

পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় ন্যায়পালিকাই অতি প্ৰচাৰমূলক ভূমিকা পালন কৰিছে। ৯০ দশকৰ গোদাভাৰমান গোচৰৰ ৰায়ৰ দিনৰ পৰা এতিয়ালৈ, যেতিয়া পৰিৱেশ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ গঠন হৈছে, ন্যায়পালিকাই সদায় পৰিৱেশ সুৰক্ষাৰ বাবে সক্ৰিয়ভাৱে কিবা নহয় কিবা উপায় উলিয়াইছে।

দেশজুৰি বনাঞ্চলৰ ধ্বংসলীলা আৰম্ভ হোৱাৰ পৰা এয়া আৰম্ভ হয়। উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পৰিৱেশ সংক্ৰান্তীয় কোনো বিষয়ত তদাৰকী ভূমিকা পালন কৰিব যাতে প্ৰাকৃতিক সম্পদৰ প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিব পৰা যায় আৰু তাৰ বাবে গঠন কৰিছে কেন্দ্ৰীয় এম্পাৱাৰমেণ্ট কমিটী।

মূল বিষয়টো হ’ল, বনাঞ্চলত কোনো অ–বনজ কাৰ্যকলাপ চলোৱা উচিত নহয়। উদাহৰণস্বৰূপে, খনন। এয়া এটা অ–বনজ কাৰ্যকলাপ। কিন্তু অধিকসংখ্যক খনি বনভূমিতেই অৱস্থিত। উচ্চতম ন্যায়ালয়ে কৈছে যে কোনো লোকে বনভূমিত এনেধৰণৰ কাম কৰিলে জৰিমনা ভৰিব লাগিব। নাইবা তেনেধৰণৰ কাম কৰিবলৈ অনুমতিৰ প্ৰয়োজন হ’ব। বন আৰু পৰিৱেশ বিভাগৰ অনুমতিৰ প্ৰয়োজন হ’ব এইধৰণৰ কামৰ বাবে। এই কাম–কাজসমূহ ৰোধ কৰাৰ বাবে কঠোৰ আইন আছে। কিন্তু যেতিয়ালৈ আমাৰ মানসিকতাৰ পৰিৱৰ্তন নহয়, তেতিয়ালৈ কেৱল আইনৰ দ্বাৰা এয়া সম্ভৱ নহয়।
আৰু চাওক পৰৱৰ্তী বাতৰি