অবৈধ ভাবে ভাৰতৰ ভূমিত ধৰি দিয়া যুৱতীগৰাকী বৰ্তমান ৰঙাঘৰৰ আলহী।
অবৈধ ভাবে ভাৰতৰ ভূমিত ধৰি দিয়া যুৱতীগৰাকী বৰ্তমান ৰঙাঘৰৰ আলহী।
প্ৰেম হয়টো এনেকুৱাই, নামানে কোনো বাধা! প্ৰেমিক ভাৰতৰ, প্ৰেমিকা বাংলাদেশৰ। ছচিয়েল মিডিয়াত চিনাকী হৈ ফোনতে কৰি আছিল ভাবৰ আদান প্ৰদান। ইমানলৈকে সকলো ঠিকে আছিল, কিন্তু সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰ হৈ প্ৰেমিকক দেখা কৰিবলৈ অহাই কাল হ'ল বাংলাদেশৰ যুৱতীগৰাকীৰ বাবে।
সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰ হৈ প্ৰেমিকক দেখা কৰিবলৈ আহি বিপদত পৰিল প্ৰেমিকা। প্ৰেমিকক লগ ধৰিবলৈকে ভাৰতৰ সীমাত ভৰি দিছিল বাংলাদেশী এগৰাকীযুৱতীয়ে। আৰু অবৈধ ভাবে ভাৰতৰ ভূমিত ধৰি দিয়া যুৱতীগৰাকী বৰ্তমান ৰঙাঘৰৰ আলহী।
জানিব পৰা মতে, বাংলাদেশৰ বগুৰা জিলাৰ এগৰাকী যুৱতী পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ তুফানগঞ্জৰ এজন যুৱকৰ লগত ইমো গ্ৰুপৰ জৰিয়তে প্ৰথমতে চিনাকী হয় আৰু তাৰপিছত প্ৰেমৰ সম্পৰ্কত বান্ধ খায়। বহুদিন ধৰি ফোনৰ জৰিয়তেই দুয়ো ভাবৰ আদান প্ৰদান কৰি আছিল। কিন্তু এদিনো সু-শৰীৰে নিজৰ প্ৰেমিকক নেদেখাকৈ থাকেনো কেনেকৈ প্ৰেমিকা!
মনৰ মানুহজনক এবাৰ চোৱাৰ দুৰ্বাহ হেঁপাহ বুকুত বান্ধি যোৱা ১৫ জানুৱাৰীত অবৈধ ভাবে ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰহৈ কোচবিহাৰ জিলাৰ দীঘলটাৰী অঞ্চলেদি ভাৰতৰ ভূমিত প্ৰবেশ কৰাৰ চেষ্টা চলায় যুৱতীগৰাকী। কিন্তু সেই সময়তে ১২৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীৱে আটক কৰে যুৱতীগৰাকীক। পিছত সীমান্ত সুৰক্ষা বাহিনীয়ে ধৃত বাংলাদেশী যুৱতীগৰাকীক চাহেবগঞ্জ থানাৰ আৰক্ষীক চমজাই দিয়ে।
চাহেবগঞ্জ থানাৰ আৰক্ষীয়ে দিনহাটা মহকুমা স্বাস্থ্য কেন্দ্ৰত যুৱতীগৰাকীৰ কোভিড আৰু স্বাস্থ্য পৰীক্ষা কৰোৱাই ১৭ জানুৱাৰীত দিনহাটা মহকুমা আদালতত হাজিৰ কৰায়। পিছত আদালতত সাক্ষ্য গ্ৰহণ কৰি যুৱতী গৰাকীক জে'ল-হাজোতলৈ প্ৰেৰণ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|