• Home
  • »
  • News
  • »
  • nation
  • »
  • অপমান, সংঘাত আৰু তাৰ পিছতে সিন্ধিয়াৰ প্ৰস্থানঃ আইতাক আৰু দেউতাকৰ ধাৰাক আগুৱাই নিলে জ্যোতিৰাদিত্যই

অপমান, সংঘাত আৰু তাৰ পিছতে সিন্ধিয়াৰ প্ৰস্থানঃ আইতাক আৰু দেউতাকৰ ধাৰাক আগুৱাই নিলে জ্যোতিৰাদিত্যই

ফাইল ফটোঃমাধৱৰাও সিন্ধিয়া

ফাইল ফটোঃমাধৱৰাও সিন্ধিয়া

জ্যোতিৰাদিত্য সিন্ধিয়াৰ পদত্যাগ আৰু শেহতীয়া ঘটনাক্ৰমে কেৱল মধ্য প্ৰদেশৰ কমলনাথ চৰকাৰক সংখ্যালঘূতে পৰিণত কৰা নাই লগতে সিন্ধিয়া ৰাজপৰিয়ালৰ সৈতে কংগ্ৰেছৰ সকলো সম্পৰ্কৰো ইতি পেলালে।

  • Share this:
ভূপালঃ কংগ্ৰেছৰ পৰা ক্ষুব্ধ জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰস্থান একাধিক কাৰণত তাৎপৰ্যপূৰ্ণ। সিন্ধিয়াৰ পদত্যাগৰ পিছৰ ঘটনাক্ৰমে কেৱল মধ্য প্ৰদেশৰ কমলনাথ চৰকাৰক সংখ্যালঘূত পৰিণত কৰা নাই বৰং ইয়াৰ জৰিয়তে কংগ্ৰেছৰ সৈতে সিন্ধিয়া ৰাজপৰিয়ালৰ সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিলে।

এই তিক্ত বিচ্ছেদৰ আৰম্ভনি হয়, সোমবাৰে সিন্ধিয়া শিবিৰৰ অনুগত বিধায়কসকলে যেতিয়া বেংগালুৰুলৈ আঁতৰি যায়। এই ঘটনাক্ৰম ঠিক ১৯৬৭চনত গুণাৰ ৰাজপৰিয়ালৰ আইতাক বিজয়ৰাজে সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰা ঘটনাৰে যেন পুনৰাবৃত্তি আছিল। বৰ্তমানৰ দৰে সেইসময়তো এই প্ৰস্থানৰ ফলত ডিপি মিশ্ৰা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পতন ঘটিছিল। ইয়াৰ পিছতে জোঁটবন্ধন চৰকাৰৰ মুখ্যমন্ত্ৰী হৈছিল গোবিন্দ নাৰায়ণ সিং।

ৰাজমাতা অৰ্থাৎ বিজয়ৰাজেই কংগ্ৰেছৰ পৰা ৩৫জন বিধায়ক লৈ আঁতৰি যোৱাৰ ফলতে বিপদত পৰিছিল মিশ্ৰা। পঞ্চমাৰহিৰ কাৰ্যকৰ্তাৰ সন্মিলনত তদানীন্তন মুখ্যমন্ত্ৰীজনে ৰাজপৰিয়ালৰ সমালোচনা কৰাৰ পিছতে এই সংঘাতৰ সূত্ৰপাত ঘটিছিল।

সেই সময়ত ডিপি মিশ্ৰা চৰকাৰৰ পতন ঘটাৰ পিছত বিদ্ৰোহী কংগ্ৰেছ বিধায়কৰ লগতে সংযুক্ত বিধায়ক দল (সম্বিধা)ৰ চৰকাৰৰ অংশীদাৰ হৈছিল প্ৰজা চচিয়েলিষ্ট পাৰ্টী আৰু জন সংঘ। এই জোঁটবন্ধনৰ চৰকাৰ ১৯মাহ থাকে আৰু ১৯৬৯চনত এই চৰকাৰো গাদীচ্যুত হয়।

বিজয়ৰাজেৰ পদানুসৰণ কৰি তেওঁৰ পুত্ৰ তথা জ্যোতিৰাদিত্য সিন্ধিয়াৰ পিতৃ মাধৱৰাও সিন্ধিয়াই ৰাজনীতিত প্ৰৱেশ কৰে আৰু গুণাৰ পৰা জন সংঘৰ টিকটত প্ৰথম নিৰ্বাচনত জয়ী হয়। ১৯৭১চনত মাত্ৰ ২৬বছৰ বয়সত তেওঁ নিৰ্বাচনত জয়ী হৈছিল। সেই একেই আসনত তেওঁ ১৯৭৭চনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি জনতা পাৰ্টীৰ শক্তিশালী ঢৌৰ মাজতো জয়ী হয়।

মাতৃয়ে ৰাজ্যখনত বিজেপিৰ ভেঁটি প্ৰতিষ্ঠা কৰাৰ লগতে মধ্য প্ৰদেশত দলীয় কাম কাজ চোৱা চিতা কৰাৰ পিছতো পৰিয়ালৰ ৰাজনৈতিক আদৰ্শৰ পৰা আঁতৰি জ্যেষ্ঠ সিন্ধিয়াই কংগ্ৰেছত যোগদান কৰে। তৃতীয়বাৰলৈ তেওঁ ১৯৮০চনত গুণাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰূপে জয়ী হয়। মাতৃ আৰু পুত্ৰৰ মাজত সংঘাত তীব্ৰ হয় যেতিয়া ১৯৮৪চনত গোৱালিয়াৰৰ পৰা মাধৱৰাওক কংগ্ৰেছে শেষ মুহূৰ্তত অটল বিহাৰী বাজপেয়ীৰ বিৰুদ্ধে প্ৰাৰ্থীৰূপে থিয় কৰায়। মাধৱৰাও সেই ঐতিহাসিক নিৰ্বাচনত জয়ী হয়। সেই সময়তে তেওঁৰ ভগ্নী বসুন্ধৰা ৰাজেই বিজেপিত যোগদান কৰিছিল।

ইমানখিনলৈ ঠিকেই চলি থকা কংগ্ৰেছৰ সৈতে সিন্ধিয়াৰ বিদ্ৰোহ আৰম্ভ হয় যেতিয়া ১৯৯৩চনত মুখ্যমন্ত্ৰীৰ আসনখন তেওঁৰ সলনি জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙক দলে আগবঢ়ায়।পিতৃৰ সৈতে একেই কপাল যেন পুত্ৰ জ্যোতিৰাদিত্য সিন্ধিয়াইও পাইছিল কাৰণ ২০১৮চনত তেওঁৰ সলনি কমলনাথক মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পাতে কংগ্ৰেছে।

মাধৱৰাৱে কংগ্ৰেছ ত্যাগ কৰি নিজৰ ৰাজনৈতিক দল খোলে। এই দলৰ নাম আছিল এমপি বিকাশ কংগ্ৰেছ, পৰৱৰ্তী সময়ত ১৯৯৬চনত মাধৱৰাৱে সংযুক্ত মৰ্চা চৰকাৰত যোগদান কৰে। পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰে আৰু পুত্ৰ জ্যোতিৰাদিত্যইও পিতৃৰ পদাংক অনুকৰণ কৰি কংগ্ৰেছ দলতে থাকে। ২০০১চনত বিমান দুৰ্ঘটনাত পিতৃৰ মৃত্যু হোৱাৰ পিছত জ্যোতিৰাদিত্যই গুণাৰ উপ নিৰ্বাচনত জয়ী হয়। তেওঁ তিনিবাৰৰ সাংসদ কিন্তু ২০১৯চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ কৃষ্ণ পাল সিঙৰ হাতত পৰাস্ত হয়। ইয়াৰ পিছতে তেওঁক মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসন নিদিয়াত তেওঁৰ মনৰ তিক্ততা বৃদ্ধি পাইছিল।

বিজেপিলৈ অহাৰ পিছত সিন্ধিয়া পৰিয়ালৰ পৰা বিজেপিত নেতাৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে। জ্যোতিৰাদিত্য, তেওঁ পেহীয়েক বসুন্ধৰা ৰাজে আৰু য়শোধৰা ৰাজে লগতে বসুন্ধৰাৰ পুত্ৰ দুষ্যন্ত, তেওঁ ৰাজস্থানৰ ঝালৱাৰৰ সাংসদ।

ভতিজাকৰ সিদ্ধান্তত অত্যন্ত সুখী য়শোধৰা ৰাজে সিন্ধিয়াই কয়, ‘ৰাজমাতাৰ তেজে দেশৰ স্বাৰ্থত সিদ্ধান্ত ল’লে। এতিয়া এখন নতুন দেশ নিৰ্মান হ’ব। এতিয়া সকলো দূৰত্ব শেষ।’
Published by:Tulika Devi
First published: